ধন, এটিএম, ম’বাইল কাঢ়ি নিয়া নগাঁৱৰ তিনি ব্যৱসায়ীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ কাশ্মীৰৰ এজন ফলমূলৰ পাইকাৰী ব্যৱসায়ীক নগাঁও চহৰৰ সমীপৰ তিনিজনমান ব্যৱসায়ীয়ে এটা ঘৰত আবদ্ধ কৰি ৰাখি ভয়–ভাবুকি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ভয়–ভাবুকি দিয়া ব্যৱসায়ী তিনিজনৰ কবলৰ পৰা নগাঁও চহৰৰ একাংশ ব্যৱসায়ীৰ সহযোগত নগাঁও সদৰ আৰক্ষীয়ে কাশ্মীৰৰ ব্যৱসায়ীজনক উদ্ধাৰ কৰাৰ লগতে তেওঁক আবদ্ধ কৰি ৰখা শিয়ালমাৰী কদমতল অঞ্চলৰ তিনি ব্যৱসায়ী নাছিৰ উদ্দিন আহমেদ, ৰামজা হাজৰিকা আৰু কাজিম উদ্দিন আহমেদক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷
আৰক্ষী সূত্র মতে, কাশ্মীৰৰ ফলমূল ব্যৱসায়ী জহুৰ আহমেদৰ পৰা ফলমূল ক্রয় কৰি নগাঁৱৰ এই ব্যৱসায়ীসকলে নগাঁৱত ব্যৱসায় কৰি আহিছিল৷ তেওঁলোকে বেংকযোগে কাশ্মীৰৰ ব্যৱসায়ীজনক ফলমূলৰ বাবদ ধন দি আহিছিল যদিও শেহতীয়াকৈ এই ব্যৱসায়ী তিনিজনে জহুৰ আহমেদক পাঁচ লাখ টকা দিবলৈ আছিল৷ ব্যৱসায়ীজনে নগাঁৱৰ ব্যৱসায়ীকেইজনৰ লগত যোগাযোগ কৰিও সুফল পোৱা নাছিল৷ উল্লেখ্য যে কাশ্মীৰৰ এই ব্যৱসায়ীজনৰ লগতে আন বহু কাশ্মীৰৰ ব্যৱসায়ীয়ে কেতিয়াবা কেতিয়াবা কাশ্মীৰৰ পৰা নগাঁৱলৈ আহি ফলমূলৰ ব্যৱসায়ীৰ পৰা তেওঁলোকৰ প্রাপ্য লৈ যায়৷ আজি প্রায় এমাহ ধৰি জহুৰ আহমেদে চামগুৰি থানাৰ অন্তর্গত নুৰ ইছলাম নামৰ এজন লোকৰ ঘৰত বাহৰ পাতি জিলাখনৰ ফলমূল ব্যৱসায়ীৰ পৰা তেওঁ প্রাপ্য ধন সংগ্রহ কৰি আছিল৷ কালি আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ব্যৱসায়ী তিনিজনে জহুৰ আহমেদক তেওঁলোকে দিব লগা ধন দিম বুলি মাতি আনি নগাঁও চহৰৰ সমীপৰ কদমতলৰ এটা ভাৰাঘৰত তেওঁক আবদ্ধ কৰি ৰাখে৷ ব্যৱসায়ী তিনিজনে জহুৰ আহমেদক চোকা অস্ত্রৰে ভয়–ভাবুকিৰে তিনি হাজাৰ টকা, এটিএম কার্ড আৰু এটা ম’বাইল ফোন কাঢ়ি লয়৷ এই বিষয়ে নগাঁও আৰক্ষীক চহৰখনৰ একাংশ ফলমূল ব্যৱসায়ীয়ে অৱগত কৰে৷ আৰক্ষীয়ে বিশেষ তৎপৰতাৰে লোকজনক উদ্ধাৰ কৰাৰ লগতে ব্যৱসায়ী তিনিজনক গ্রেপ্তাৰ কৰে৷ আজি জহুৰ আহমেদে এইসন্দর্ভত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৩১২/২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ আৰক্ষীয়ে এই গোচৰৰ ভিত্তিত আজি তিনিওজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ মন কৰিবলগীয়া যে কাশ্মীৰৰ বহু ব্যৱসায়ী নগাঁৱত আৰু নগাঁৱৰ বহু ব্যৱসায়ী কাশ্মীৰত থাকি ব্যৱসায়জনিত লেনদেন কৰি আহিছে৷