নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মপুৰত পঞ্চায়ত সভাপতিকে ধৰি বিজেপিলৈ শতাধিক

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ধর্মপুৰ সমষ্টিত বিজেপিৰ উদ্যোগত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন পৃষ্ঠপ্রমুখ সন্মিলন অনুষ্ঠিত হয়৷ পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি তথা পুৰণি বিজেপিকর্মী কামাখ্যাপ্রসাদ শর্মাৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনত নলবাৰীৰ বিধায়ক অশোক শর্মাই কয়, বিধানসভা নির্বাচন সমাগত৷ সেয়ে বিজেপিৰ কার্যকর্তাসকলে এতিয়া প্রতিটো বুথলৈ গৈ দলৰ ভোট কেনেদৰে বৃদ্ধি কৰিব পাৰি তাৰ পৰিকল্পনা কৰিব লাগিব৷ যিহেতু বিজেপিয়ে এইবাৰ মিছন ১০০ প্লাছৰ লক্ষ্য গ্রহণ কৰিছে৷ পঞ্চায়তসমূহলৈ গৈ ভোটাৰৰ মন জয় কৰি পদুম ফুলৰ প্রতি জাগ্রত কৰিব লাগে৷

সন্মিলনত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মাই কয় যে এতিয়া ভোটাৰক প্রতিদিনে লগ কৰিব লাগে৷ প্রচাৰ মাধ্যমৰ জৰিয়তে বিজেপিৰ কর্মকর্তাসকলে সক্রিয় ভূমিকা গ্রহণ কৰি জনসাধাৰণক বিজেপিমুখী কৰিব লাগিব৷ সভাত ফণীন্দ্র নাথ শর্মাই সকলো মন্ত্রী–বিধায়কক সময়মতে আহি ৰাইজক লগ কৰিব লাগে আৰু সময়ৰ মূল্য ভোটাৰক দিব লাগে বুলিও কয়৷ সন্মিলনত স্থানীয় বিধায়ক তথা পৰিবহণ উদ্যোগ আৰু সংসদীয় মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ উপস্থিতিত কংগ্রেছৰ কেইবাগৰাকী পঞ্চায়ত সভাপতি, নেতা–কর্মীয়ে বিজেপিৰ প্রতি আকর্ষিত হৈ যোগদান কৰে৷ ক্ষেত্রী–ধর্মপুৰ গাঁও পঞ্চায়তৰ কংগ্রেছ সভাপতি নৃপেন ঠাকুৰীয়াকে আদি কৰি ৩৯নং পঞ্চায়তৰ কংগ্রেছ সভাপতি সুনীল বর্মন, ২৫নং ৰূপীয়াবাথান গাঁও পঞ্চায়তৰ প্রাক্তন পঞ্চায়ত সভাপতি ৰাজু বর্মন, ফুটবল ৰেফাৰী হীৰেন বর্মনকে ধৰি বহুকেইজনে বিজেপিত যোগদান কৰে৷ তেওঁলোকক গেৰুৱা বসন টুপী পিন্ধাই দললৈ আদৰণি জনায় চন্দ্রমোহন পাটোৱাৰী আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র শর্মাই৷

ভাষণত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ধর্মপুৰ সমষ্টি কংগ্রেছমুক্ত হ’ল বুলি উল্লেখ কৰে৷ ধর্মপুৰৰ ৰাইজক অভিভাৱক হিচাপে ধৰি তেওঁ কয় যে ধর্মপুৰৰ সংখ্যালঘু সম্প্রদায়ৰ লোকসকলৰ মাজত পৰিৱর্তনৰ অন্য এক বাতাৱৰণৰ সৃষ্টি হ’ল আৰু সেই কাৰণে বিজেপিলৈ আহিবলৈ বাধ্য হ’ল৷ পৃষ্ঠপ্রমুখ সন্মিলনত ধর্মপুৰ সমষ্টিৰ প্রভাৰী প্রাণ কুমাৰ দাস, বিজেপিৰ জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ, জিলা সম্পাদক পুলক শর্মা, নতুন দেহৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ শর্মা, মধুপুৰ মণ্ডলৰ সভাপতি হিৰণ্য বর্মন উপস্থিত থাকে৷ সন্মিলনত কংগ্রেছৰ দুগৰাকী পঞ্চায়ত সভাপতিয়ে বিজেপিত যোগদানেৰে মুঠ ২১খন পঞ্চায়তৰ ভিতৰত ১৯ বিজেপিৰ দখললৈ আহিল৷ সন্মিলনৰ পাছত পাটোৱাৰীয়ে পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ স্থায়ী মঞ্চৰ আধাৰশিলা, চামতা সামূহিক চিকিৎসালয় চৌহদৰ পকীপথৰ আধাৰশিলা, চামতা জামৰতল পাঠকপাৰা গোসাঁইঘৰত অসম দর্শন আঁচনিৰ গৃহৰ আধাৰশিলা স্থাপন কৰে আৰু চন্দ্রমোহন পাটোৱাৰী ফেনছ ক্লাবৰ কার্যালয় উদ্বোধন কৰে৷

You might also like