ধুবুৰীৰ চৰকাৰী বিদ্যালয়ৰ সমস্যাৰ সমাধানৰ পদক্ষেপ নোলোৱাৰ অভিযোগ ধুবুৰী পৌৰসভা আৰু বন বিভাগৰ বিৰূদ্ধে
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ গণশিল্পী প্ৰয়াত ড৹ ভূপেন হাজৰিকাৰ স্মৃতি বিজৰিত ধুবুৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ দীৰ্ঘদিনীয়া দুটা সমস্যাৰ সমাধানৰ বাবে সঁহাৰি নিদিয়াৰ অভিযোগৰ আঙুলি উঠিছে ধুবুৰী পৌৰসভা আৰু বন বিভাগৰ বিৰূদ্ধে। প্ৰাক্ স্বাধীনোত্তৰ যুগতে স্থাপিত শতবৰ্ষ গৰকা চহৰখনৰ মাজমদিয়াৰ ধুবুৰী ল’ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰ সেই শিক্ষানুষ্ঠানখনৰ শিক্ষাগুৰু আৰু ছাত্ৰসকলে দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ থকা সমস্যা দুটা দূৰ কৰাৰ আছে পিছে অতি সাধাৰণ সমাধান। উল্লেখ্য যে, সেই বিদ্যালয়খনৰ পিছফালে আছে অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ বিশুদ্ধ খোৱা পানীৰ এটা প্ৰকল্প। নিতৌ পুৱা আৰু বিয়লি প্ৰকল্পস্থলীৰ বিশাল পানীৰ টেংকিৰ পৰা বিশাল বিশাল পাইপেৰে চহৰখনৰ বিভিন্ন ৱাৰ্ডত যোগান ধৰা হয় বিশুদ্ধ খোৱাপানী। কিন্তু পানী যোগান ধৰাৰ সময়ত বিদ্যালয়খনৰ সন্মুখৰ পাইপৰ ছিদ্ৰৰে ওলায় পানী আৰু সেই পানী বৈ গৈ পৰে বিদ্যালয়খনৰ গাতে লাগি থকা ধুবুৰী পৌৰসভাৰ এটা ন’লাত। কিন্তু দীৰ্ঘদিনৰ পৰাই সেই ন’লাটো জাৱৰ–জোথৰেৰে বন্ধ হৈ পৰাৰ বাবে সেই পানী বৈ আহে বিদ্যালয়খনৰ চৌহদলৈ। বিগত প্ৰায় ৫/৬ মাহৰ পৰাই বিদ্যালয়খন চৌহদৰ একাংশত পানী জমা হৈ লৈছে বানপানী সদৃশ এক ৰূপ। ইপিনে বিগত এবছৰৰ পৰাই বিদ্যালয়খনৰ অধ্যক্ষৰ কোঠালীৰ ওপৰত বিগত বিপদজনক ভাৱে ওলমি আছে চৌদহৰ এটা বিশাল গছৰ মৰা ঠাল এডাল। বিদ্যালয় চলি থকাৰ সময়ত গছজোপাৰ সেই ঠালডাল অধ্যক্ষৰ কোঠালীৰ চালত সৰি পৰিলে এক অঘটন সংঘটিত হোৱাৰো সম্ভাৱনা পূৰ্ণ মাত্ৰাই বিদ্যমান। পিছে বহু পূৰ্বেই বিষয় দুটালৈ পৃথকে পৃথকে ধুবুৰী পৌৰসভা আৰু বন বিভাগৰ সৈতে যোগাযোগ কৰা হৈছিল যগিও আজিলৈ সুফল নোপোৱাৰ অভিযোগ বিদ্যালয়খনৰ অধ্যক্ষৰ। তেখেতৰ দাৱীনুসৰি বিদ্যালয়ৰ চৌহদৰ বেৰৰ গাতে লাগি থকা ন’লাটো পৰিস্কাৰ কৰাৰ বাবে কেইবাবাৰো ধুবুৰী পৌৰসভাক অৱগত কৰাৰ পিছতো কাণসাৰ নাই পৌৰসভা কৰ্তৃপক্ষৰ। আনহাতে নিজৰ কোঠালীৰ মুধচৰ ওপৰত বিপদজনক ভাৱে ওলমি থকা গছদোপাৰ মৰা ডালটো কটাৰ ব্যৱস্থা লোৱাৰ বাবে ধুবুৰীৰ বন বিষয়াৰ কাৰ্যালয়ক লিখিত ভাৱে অৱগত কৰিও একো সুফল নোপোৱাৰো অভিযোগ অধ্যক্ষগৰাকীৰ। ফলত স্বাভাৱিক ভাৱেই ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ উন্নয়নৰ বাবে অসম চৰকাৰে তথা ৰাজ্যৰ শিক্ষা বিভাগে বিভিন্ন পদক্ষেপ লৈ থকাৰ সময়ত ধুবুৰীৰ এখন ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয়ৰ দুটা সাধাৰণ সমস্যা দূৰ কৰাৰ বাবে ধুবুৰী পৌৰসভা আৰু বন বিভাগৰ স্থানীয় কাৰ্যালয়ে পদক্ষেপ নোলোৱাৰ কাৰণ কি বুলিও উত্থাপিত হৈছে প্ৰশ্নৰ।