ধুবুৰী ছোৱালী মহাবিদ্যালয়ত আয়োজিত শিক্ষক দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ বদৰুদ্দিন আজমলৰ
শিক্ষানুষ্ঠানখনলৈ ৫০ লাখ টকাৰ অনুদান প্ৰদানৰ ঘোষণা সাংসদগৰাকীৰ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: আজি শিক্ষক দিৱস উপলক্ষে ধুবুৰী ছোৱালী মহাবিদ্যালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্হিত থাকে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল। পিছত সাংবাদিকক দিয়া এক সাক্ষাৎকাৰত শিক্ষানুষ্ঠানখনৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে আৰু মহাবিদ্যালয়খনলৈ ৫০ লাখ টকা অনুদান আগবঢ়াব বুলি ঘোষণা কৰে। আনকি আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজয়ী হ’লে পুনৰাই আৰু ৫০ লাখ টকা অনুদান হিচাবে ধুবুৰী ছোৱালী মহাবিদ্যালয়ক প্ৰদান কৰিব বুলি কেমেৰাৰ সন্মুখত প্ৰতিশ্ৰুতি দিয়া পোৱা যায় সাংসদগৰাকীয়ে। আনহাতে মহাবিদ্যালয়খনৰ কাষতে থকা জিলা কাৰাগাৰখন অন্য স্থানলৈ স্থানান্তিৰত কৰাৰ প্ৰয়োজনীয়তাৰ পৰত গুৰুত্ব আৰোপ কৰে সাংসদ বদৰুদ্দিন আজমলে আৰু বিষয়টো লৈ জিলা উপায়ুক্তৰে আলোচনা কৰিব বুলি জনায়।