নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত শিক্ষক দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ:  সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে আজি সমগ্ৰ ভাৰতৰ লগতে নাহৰকটীয়াৰ বিভিন্ন শিক্ষানুষ্ঠানতো শিক্ষক দিৱস উদযাপন কৰা হয়। এই উপলক্ষে শিক্ষানুষ্ঠান সমূহত ছাত্ৰ ছাত্ৰী সকলে শিক্ষাগুৰু সকলক গুৰু সেৱা কৰাৰ লগতে বিভিন্ন উপহাৰ প্ৰদান কৰাৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন আৰু খেল ধেমালি অনুষ্ঠিত কৰা হয়। একেদৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰাও নৱ নিৰ্বাচিত সভাপতি ত্ৰিদিব শইকীয়া আৰু নিপু ভূঞাৰ উদ্যোগত অঞ্চলটোৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি অন্যান্য শিক্ষানুষ্ঠান সমূহৰ প্ৰধান শিক্ষক সকলক ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে গুৰু সেৱা কৰাৰ লগতে শিক্ষক দিৱসৰ আশীষ গ্ৰহণ কৰে।

You might also like