নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত কুকুৰে ভক্ষণ কৰিলে মৃত নৱজাতক

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ধেমাজি অসামৰিক চিকিৎসালয়ৰ চৌহদৰ ৰাজপথত শুকুৰবাৰে এটি মৃত নৱজাতকক কুকুৰে ভক্ষণ কৰি চোঁচৰাই লৈ ফুৰা এক দৃশ্যই প্রত্যক্ষদর্শীক ব্যথিত কৰি তোলে৷

প্রত্যক্ষদর্শীয়ে জনোৱা মতে অসামৰিক চিকিৎসালয়খনৰ চৌহদৰ পৰা এটা কুকুৰে কামুৰি নৱজাতকটি ৰাজপথেৰে চোঁচৰাই নি থকাত ৰাইজৰ মাজত হুৱাদুৱা লাগে৷ ৰাইজে বিষয়টো চিকিৎসালয় কর্তৃপক্ষক অৱগত কৰাত কুকুৰে এৰি যোৱা নৱজাতকৰ মৃতদেহটি কর্তৃপক্ষই লৈ যায়৷ মানৱতাক জোকাৰি যোৱা ঘটনাটোৱে সচেতন ৰাইজে অসামৰিক চিকিৎসালয়খনৰ কর্তৃপক্ষৰ এয়া এক অব্যৱস্থাৰ নিদর্শন বুলি অভিহিত কৰিছে৷

বিগত সময়ত কেইবাবাৰো নৱজাতক কুকুৰে ভক্ষণ কৰাৰ দৰে ঘটনা সংঘটিত হোৱা ধেমাজি অসামৰিক চিকিৎসালয়ত  পুনৰ তদ্রুপ ঘটনা ঘটা সন্দর্ভত জিলা প্রশাসন তথা চিকিৎসালয় কর্তৃপক্ষই উচিত তদন্ত কৰাৰো দাবী জনাইছে স্থানীয় ৰাইজে৷

You might also like