নগাঁও ইন্টাৰনেছনেল স্কুলত পৰিবেশ দিবস উদযাপন
নিয়মীয়া বাৰ্তা ৪ জুন: বিশ্ব পৰিবেশ দিবস উপলক্ষে নগাঁৱ চহৰৰ হয়বৰগাঁও স্থিত নগাঁও ইন্টাৰনেছনেল স্কুলৰ সহযোগত আৰু ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাৰ উদ্যোগত বিশ্ব পৰিবেশ দিবস পালন কৰা হয়। পৰিবেশ দিবসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে সাংস্কৃতিক কাৰ্য্যক্ৰম ৰূপায়ন কৰা হয়। এই উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিজু বৰাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত বেংকৰ মুখ্য প্ৰবন্ধক ৰাকেশ কুমাৰে বিশ্ব পৰিবেশ দিবসৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰকৃতি সূৰক্ষিত হলে হে মানব জাতি সুৰক্ষিত হ’ব। সভাত বেংকৰ নগাঁৱ ক্ষেত্ৰীয় কাৰ্যালযৰ সহকাৰী প্ৰবন্ধক ৰঞ্জিত কুমাৰ দত্ত আৰু বিদ্যালয়ৰ অধ্যক্ষা ৰীনা দত্তই সভাত অংশগ্ৰহন কৰে।সভাতে চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলক বটা প্ৰদান কৰা হয় আৰু লগতে সকলো প্ৰতিযোগিক মানপত্ৰ প্ৰদান কৰা হয়। সভাত ছাত্ৰ-ছাত্ৰী সকলে কবিতা পাঠ কৰে।