নগাঁও কেন্দ্ৰীয় কাৰাগাৰত পুনৰ ৪৮ জনৰ দেহত ক’ৰোনা
নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ মধ্য অসমৰ অন্যতম কাৰাগাৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰ ক’ৰোনাৰ অভিকেন্দ্ৰত পৰিণত হোৱাত নগাঁৱত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে । কাৰাগাৰ খনৰ কয়দী আৰু হাজোতী সকলৰ মাজত কৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ হোৱাত কাৰাগাৰ খনত বন্দী হৈ থকা ৪১৮ গৰাকী কয়দী আৰু হাজোতীৰ জীৱনলৈ চৰম বিপৰ্যয় নামি আহিছে।
নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰে জনোৱা মতে, মঙলবাৰে নগাঁও স্বাস্থ্য বিভাগৰ এটা দলে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ৪১৮ জন কয়দী আৰু হাজোতীৰ মাজৰ ৮১ জন কয়দী-হাজোতীৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হৈছিল। কিন্তু ইয়াৰে ৪৮ গৰাকী কয়দী-হাজোতীৰেই ক’ভিড-১৯ পজিটিভ ওলাইছে। অৰ্থাৎ তেওঁ লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।
নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱা মাত্ৰ ৮১ জন কয়দী আৰু হাজোতীৰ মাজৰ ৪৮ জনৰেই দেহত ক’ভিড-১৯ পজিটিভৰ উপস্থিতি ধৰা পৰাত কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে তাত থকা কয়দী আৰু হাজোতী সকলৰ মাজত হাঁহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়।
স্মৰ্তব্য যে, পূৰ্বতে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী চিকিৎসকৰ লগতে ৬ জনকৈ হাজোতী ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছিল। মঙলবাৰে কৰ’না আক্ৰান্ত বুলি চিনাক্ত হোৱা ৪৮ গৰাকী কয়দী-হাজোতীক লৈ এই পৰ্যন্ত কাৰাগাৰ খনত ক’ভিড-১৯ পজিটিভত আক্ৰান্তৰ সংখ্যা ৫৪ জনলৈ বৃদ্ধি পায়।