নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৯৪৭ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ৰাজ্য খনৰ লগতে নগাঁও জিলাতো কভিড ১৯ত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। জিলাখনত আজি নতুনকৈ ১০ জন লোক কভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াকে লৈ জিলাখনত কৰোণাত আক্ৰান্তৰ সংখ্যা ৯৪৭ জনলৈ বৃদ্ধি পালে। জিলাখনত কৰোণাত আক্ৰান্তৰ সংখ্যা এহেজাৰ স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে। এনেদৰে কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত জিলা বাসী চিন্তিত হৈ পৰিছে। জিলা খনত দুবছৰীয়া শিশু সহ প্ৰায় ৫০ জনৰো অধিক লোক ভ্ৰমণ বৃত্তান্ত নথকাকৈ কৰোণাত আক্ৰান্ত হোৱাৰ খবৰে জিলাবাসীক আতংকিত কৰি তুলিছে। ইপিনে আজি কৰোনাত আক্ৰান্ত হৈ সুস্থ হোৱা ১৪জন লোকক ঘৰলৈ যাবলৈ স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰিছে। ইয়াকে লৈ জিলাখনত ক’ৰোনাত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ৬২৪ জনলৈ বৃদ্ধি পালে। আজিৰ তাৰিখত জিলা খনত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ১০৫ গৰাকী, উজৰা গাওঁ আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ১২ গৰাকী, কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৪৫ গৰাকী, মোৱামাৰী আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৩৭ গৰাকী আৰু চিমনাবস্তি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৬৫ গৰাকী লোক চিকিৎসাধীন হৈ আছে।

You might also like