নগাঁও জিলাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৪২৩ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৫ জুলাই : যোৱা চৌৱিশ ঘন্টাত নগাঁও জিলাত নতুনকৈ ২৮ গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। ইপিনে আজি আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ২৮ গৰাকী লোককলৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৪২৩ জনলৈ বৃদ্ধি পায়।
ইপিনে,জিলা খনৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ থকা ৩৬৪গৰাকী লোকৰ সাদিনীয়া কোৱাৰেন্টাইন অন্ত পৰাত তেওঁ লোকক আজি ঘৰলৈ যাবলৈ দিয়া হয়।আজি কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা সকলৰ ভিতৰত অধিকাংশ লোকৰেই কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই বুলি স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইপিনে,কালি নগাঁও চহৰৰ ম’হখুলি আৰৱান হেল্থ চেন্টাৰৰ এগৰাকী নাৰ্ছ গৰাকী আৰু ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ৰ আই চি ইউ কক্ষত কৰ্তব্যৰত ৱাৰ্ড গাৰ্ল গৰাকীৰ ৰেপিড এন্টিজেন টেষ্টত তেওঁ লোক ক’ভিড-১৯পজিটিভত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাত এতিয়া নগাঁও জিলা স্বাস্থ্য বিভাগত হাঁহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
আজি জিলা প্ৰশাসনে ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ৰ আই চি ইউ কক্ষটোক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি কক্ষটো বন্ধ কৰি দিছে। ইপিনে,নগাঁও চহৰৰ মাজমজিয়াৰ মিছন মাৰ্কেটো এতিয়াৰ কৰ’নাৰ হটস্পটত পৰিণত হৈছে ৷মিছন মাৰ্কেটৰ ইজনৰ পাছত সিজনকৈ ব্যৱসায়ী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হোৱাত গণ সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। তাৰোপৰি,চহৰ খনৰ বৰবজাৰ আৰু হয়বৰগাঁও বজাৰৰো কেইবাজনো ব্যৱসায়ী ইতিমধ্যে কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। নগাওঁ জিলা স্বাস্থ্য বিভাগে জনোৱা মতে আজি ৰেপিড এন্টিজেন্ট টেষ্টত ১৭ জনৰ পজিটিভ ধৰা পৰিছে। এই সকলৰ ভিতৰত সদৌ অসম গ্ৰাম্য পুথি ভঁৰালৰ আশ্ৰয় গৃহৰ আবাসী শেফালি চৰকাৰ, আৰতি বৰপূজাৰী, সাবিত্ৰী আগৰৱাল, মিনু বৰাকে ধৰি ৫ গৰাকী মহিলা আছে। নগাওঁ আৰক্ষী নিৱেশৰ তপন খাটনিয়াৰ নামৰ এজন জোৱানো ক’ৰ’নাত আক্রান্ত হৈছে। তদুপৰি নগাওঁ কেন্দ্ৰীয় কাৰাগাৰৰ তিনিজন কয়দীও আক্রান্ত হৈছে।
নগাওঁ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি নগাঁও চহৰৰ হয়বৰগাঁৱত দুটা পৰিয়ালৰ আঠজনকৈ লোক ক’ৰ’না আক্রান্ত হোৱা খবৰে নগাঁও চহৰ বাসীক শংকিত কৰি তুলিছে। আজি ক’ৰ’নাত আক্ৰান্ত হোৱা হয়বৰগাও ৰ লোক কেইজন হল সূত্ৰধৰ পৰিয়ালৰ ৰবীন সূত্ৰধৰ, তপন সূত্ৰধৰ, অলকা সূত্ৰধৰ আৰু লক্ষী সূত্ৰধৰ । আনহাতে পাল পৰিয়ালৰ সুমিত পাল,প্ৰেয়াশ্ৰী পাল,আৰিয়ান পাল আৰু স্বস্তিক পালৰ দেহত ধৰা পৰিছে কভিড পজিটিভ। ইয়াৰে স্বস্তিক আৰু আৰিয়ান শিশু বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড. অতুল চন্দ্ৰ পাটৰে জানিবলৈ দিয়ামতে এই আটাইকেইজন ৰেপিড এণ্টিজেন টেষ্ট ত কভিডত আক্ৰান্ত হোৱাতো নিশ্চিত হয় । স্বাস্থ্য বিভাগক পৰিয়াল দুটাই দিয়া লিখিত আবেদনৰ ভিত্তিত স্বাস্থ্য বিভাগে আক্ৰান্ত এই লোক কেইজনক ঘৰতে আচুতিয়া ভাৱে চিকিৎসাৰ ব্যৱস্থা কৰিছে।