নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলা সাহিত্য সভাৰ মাহেকীয়া সাহিত্য পাঠৰ বৈঠক

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ নগাঁও জিলা সাহিত্যসভাৰ নবেম্বৰ মাহৰ মাহেকীয়া সাহিত্য পাঠৰ বৈঠক আজি জিলা সাহিত্যসভাৰ কমলাদেৱী তোদী ভৱনত অনুষ্ঠিত হয় ৷ জিলা সাহিত্যসভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সমীক্ষক হিচাপে অংশ গ্ৰহন কৰে কবি কবিন পাটৰে । সাহিত্যপাঠৰ বৈঠকত জিলা সাহিত্যসভাৰ উপসভাপতি থগিত মহন্ত , প্ৰাত্তন সভাপতি ৰতিমোহন নাথ , কবি -সমালোচক ত্ৰিদিৱ লস্কৰ, প্ৰদীপ শইকীয়া, নিৰুপমা বৰা, দীপ্তি বৰা ,জ্যোতিকা মনি দাস ,হেলেন পণ্ডিত, দেবেন্দ্ৰ কুমাৰ বৰদলৈ,ৰেণু শইকীয়া, নিলোৎপল চাংমাই,চিনু কাকতি শইকীয়া,নিৰু লস্কৰ,মাধন ভূঞা, ভাগ্যৱতী ৰাজখোৱা , বিজন পাটৰ আদি বহু সাহিত্য অনুৰাগীয়ে অশংগ্ৰহন কৰে ৷অনুষ্ঠানৰ আত ধৰে জিলা সাহিত্যসভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই। উল্লেখ যে ২০০৮ চনৰ পৰাই জিলা সাহিত্যসভাৰ উদ্যোগত সাহিত্যপাঠৰ অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে ৷

You might also like