নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও–মৰিগাঁও জিলাত অবৈধভাৱে চলিছে ইটাভাতা

অর্ধশতাধিকৰ নাই বিভাগীয় অনুমতি : নীৰৱ দর্শক হৈ ৰৈছে প্রশাসন

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ অবিভক্ত নগাঁও জিলাত (নগাঁও–মৰিগাঁও) অনুমতি অবিহনে বহু ইটাভাতা চলি আছে ৷ ৰাজহ বিভাগৰ তথ্য মতে অবিভক্ত জিলাখনত বৈধভাৱে ৯৮টা ইটাভাতা আছে ৷ ইয়াৰে ৭১টা নগাঁও জিলাত আৰু ২৭টা মৰিগাঁও জিলাত আছে ৷ প্রকৃততে নগাঁও জিলাত শতাধিক আৰু মৰিগাঁও জিলাত অর্ধশতাধিক ইটাভাতা আছে ৷ এই সকলো ধৰণৰ চৰকাৰী নির্দেশনা উলংঘা কৰি শতাধিক ইটাভাতা কৃষিভূমিত স্থাপন কৰি চলাই থকা হৈছে ৷ অবিভক্ত জিলাখনত বিভাগীয় অনুমতি অবিহনেই অর্ধশতাধিক ইটাভাতা স্থাপন কৰি কর্তৃপক্ষই ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷

এই ইটাভাতাসমূহে প্রতি পদে পদে শ্রমিক আইন, প্রদূষণ আইন উলংঘা কৰি আহিছে ৷ এই ইটাভাতাসমূহত বহু শিশু, গর্ভৱতী মহিলা, আনকি অসুস্থ লোককো শ্রমিক হিচাপে নিয়োগ কৰি আহিছে ৷ এই শ্রমিকসকলৰ নিয়মীয়াভাৱে স্বাস্থ্য পৰীক্ষা কৰিব লাগে যদিও ইটাভাতা কর্তৃপক্ষসমূহে এইক্ষেত্রত সদায়ে অনীহা প্রকাশ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইপিনে হাজাৰ হাজাৰ বিঘা কৃষিভূমি দখল কৰি ইটাভাতা চলাই কৃষিভূমি সংকুচিত কৰি আনিছে ৷ ফলত জিলাখনৰ কৃষি অর্থনৈতিক ক্ষেত্রখনত বাৰুকৈয়ে প্রভাৱ পৰিছে ৷

তদুপৰি ইটাভাতাৰ চিমনিৰ ধোঁৱাই ইয়াৰ পার্শ্বৱর্তী অঞ্চলত বসবাস কৰি থকা অঞ্চলসমূহৰ জলবায়ু প্রদূষিত কৰি মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ আনহাতে চৰকাৰী আইন অনুসৰি ইটা প্রস্তুত কৰাৰ সময়ত প্রয়োজনীয় মাটি ব্যৱহাৰৰ বাবদ বন বিভাগক প্রতি চি এম মাটিত ৰয়েলিটী হিচাপে ৩০টাকৈ দিব লাগে ৷ উল্লেখ্য যে অবিভক্ত জিলাখনৰ সৰু–বৰ ইটাভাতাসমূহত ৬,০০০ৰ পৰা ১৫,০০০ চি এম পর্যন্ত মাটিৰ প্রয়োজন হয় ৷

চৰকাৰী তথ্য মতে বৈধভাৱে চলা ৯৮টা ইটাভাতাত বছৰি প্রায় ২ কোটি ৩৫ লাখ ২০ হাজাৰ টকা বন বিভাগক ৰয়েলিটী হিচাপে দিব লাগে যদিও এই ৰয়েলিটীৰ পৰা বন বিভাগ বঞ্চিত হৈ আহিছে ৷ তদুপৰি অবৈধভাৱে চলা অর্ধশতাধিক ইটাভাতাৰ পৰাও চৰকাৰে ৰয়েলিটী পোৱা নাই ৷ এই সমগ্র বিষয়সমূহ বিভিন্ন সময়ত নগাঁও, মৰিগাঁও প্রশাসন, শ্রম বিভাগ, প্রদূষণ নিয়ন্ত্রণ বিভাগক অৱগত কৰি থকা হৈছে যদিও তেওঁলোকে চকু মুদা কুলিৰ ভাও ধৰি আহিছে ৷

You might also like