নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও সদৰ সমষ্টিৰ বানাক্ৰান্তক সাহাৰ্য বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৩ মে’: কপিলী, নিশাৰী, বৰপানী,কলং নদীৰ বাঢ়নী পানীয়ে নগাঁও জিলাৰ কামপুৰ ,ৰহা আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ বিস্তৃৰ্ণ এলেকা প্লাৱিত কৰি তাণ্ডৱ সৃষ্টি কৰে । কপিলী নদীৰ জলপৃষ্ঠ কিছু তললৈ নমাত কামপুৰ,ৰহা আদি স্হানত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও নগাঁও সদৰ ৰাজহ চক্ৰত কলং নৈৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে। বিশেষকৈ কলঙৰ বাঢ়নী পানীয়ে নগাঁও চহৰকে ধৰি সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিস্তৃত এলেকাত তাণ্ডৱ সৃষ্টি কৰে । অৱশ্যে কালি নিশাৰে পৰা কলঙৰ জলপৃষ্ঠ বৃদ্ধি পোৱা নাই যদিও জলমগ্ন হৈ পৰা অঞ্চলসমূহৰ বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত আছে। বানাক্ৰান্ত অঞ্চলৰ ৰাইজে শিবিৰত আশ্ৰয় লৈ আছে।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আজি সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণপাট, তুলসী দেউৰী, পাখিমৰীয়া পঞ্চায়তৰ বিভিন্ন বান বিধ্বস্ত অঞ্চলৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজক বান সাহাৰ্য বিতৰণ কৰে। বিধায়ক শৰ্মাই বানে ছিগি নিয়া তুলসীমুখ- ঘাগৰীয়াল পথ আৰু বৰক’লা- কামপুৰ পথৰ ক্ষয়ক্ষতিৰ বুজ লয়। ইপিনে বিধায়ক শৰ্মাই বুঢ়াগোহাঁই থান, আদৰ্শগাঁও, শোকোতাপোতা,মহমৰীয়া, বৰক’লা, অলপীয়া বেবেজীয়া, পশ্চিম জলাহ, ৰজাভেটি, ৰণথলী আদি অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অঞ্চল সমূহত স্হাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে । বিধায়ক শৰ্মাই বানপানীয়ে প্লাৱিত কৰা বুঢ়াগোহাঁই গাঁৱত ট্ৰেক্টৰত উঠি গৈ বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ লগতে বান সাহাৰ্য বিতৰণ কৰে। ৰাজহ চক্ৰটোৰ অন্তৰ্গত বানাক্ৰান্ত ৰাইজে যাতে খাদ্য সামগ্ৰীক ধৰি প্ৰয়োজনীয় সা-সুবিধা লাভ কৰিব পাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ।

You might also like