নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ নগাওঁ জিলাৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে। জিলাখনৰ ব্ৰহ্মপুত্ৰ-বৰপানী-কপিলী নৈৰ জলপৃষ্ঠ ক্ৰমশঃ হ্ৰাস পাইছে যদিও জিলাখনৰ বান পৰিস্থিতিৰ অৱনতি ঘটিছে। আজি ৰহা, কামপুৰ ৰাজহ চক্ৰৰ নতুনকৈ ৭ খন গাঁও কপিলী নৈৰ বানৰ কৱলত পৰাৰ বিপৰীতে নগাওঁ সদৰ ৰাজহ চক্ৰৰ ৮ খন গাঁও বানৰ কৱলত পৰিছে। আজি নতুনকৈ বানৰ কৱলত পৰা গাঁও কেইখন হল ৰহা ৰাজহ চক্ৰৰ গড়মূৰ সত্ৰ, খাইগড়, দীঘলীআটি, পুবুলা, কামপুৰ ৰাজহ চক্ৰৰ পূব কাৱৈমাৰী, পশ্চিম কাৱৈমাৰী, মহগড় আৰু নগাঁও ৰাজহ চক্ৰৰ ননৈ চকৰি গাঁও, কচুপিট, নাম গোমোঠা গাঁও, শলমাৰী, মৰাগুৰি, গড়েহাগী, জলাহ, সিং গাঁও আদি গাঁও নতুনকৈ কপিলীৰ বানত পৰিছে। নগাওঁ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা তথ্য অনুসৰি জিলাখনৰ ৭ টা ৰাজহ চক্ৰৰ মুঠ ১৫৮ খন গাঁও শেহতীয়া বানৰ কৱলত পৰিছে। বিগত কেইবাদিনো ধৰি অব্যাহত থকা বৰষুণৰ বাবে জিলাখনত ব্ৰহ্মপুত্ৰ, কপিলী, বৰপানী আদি নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ বিস্তৰ এলেকাত ব্যাপক ক্ষতি সাধন কৰিছে। তদুপৰি জিলাখনৰ কলং, হাৰিয়া, ননৈ, নিশাৰী, চম্পাৱতী, দিজু, মিছা আদি নৈ সমূহৰো জলপৃষ্ঠ বৃদ্ধি হৈছে। জিলা প্ৰশাসনে দিয়া তথ্য অনুসৰি জিলাখনৰ ৭ টা ৰাজহ চক্ৰৰ ক্ৰমে কলিয়াবৰ ৰাজহ চক্ৰৰ ৬৫০ হেক্টৰ, ধিঙৰ ২৯১ হেক্টৰ, চামগুৰি ২৮৭ হেক্টৰ, কামপুৰৰ ১৬৮৭ হেক্টৰ, ৰহাৰ ৪৯৭৪ হেক্টৰ, নগাওঁ সদৰৰ ৩৬৩ হেক্টৰ আৰু ৰূপহী ৰাজহ চক্ৰৰ ১৬৩ হেক্টৰ সহ জিলাখনত মুঠ ৮৪১৫ হেক্টৰ কৃষি ভূমিৰ ব্যাপক ক্ষতি সাধন হৈছে। বে-চৰকাৰী সূত্ৰই জনোৱা মতে জিলাখনৰ ১৮১ খন গাঁৱৰ প্ৰায় ১২০০০ হেক্টৰৰো অধিক কৃষি ভূমিৰ ক্ষতি সাধন হৈছে। জিলাখনৰ ২১ হাজাৰৰো অধিক কৃষক পৰিয়ালৰ শালি ধানৰ ৰোৱা খেতি, কঠিয়া, মৰাপাটকে ধৰি বিভিন্ন প্ৰকাৰৰ শাক-পাচলি নষ্ট হোৱাত কৃষক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইপিনে জিলাখনৰ বানপীড়িত লোকসকলে উপযুক্ত সাহাৰ্য্য নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এইবাৰৰ বানত জিলাখনৰ প্ৰায় ৫০ হাজাৰ পশুধনৰ ক্ষতি সাধন হোৱাৰ লগত ১৮ হাজাৰ পল্ট্ৰিৰো ক্ষতি সাধন হৈছে। ইপিনে নগাওঁ চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ জলপৃষ্ঠ আজিও বৃদ্ধি হৈ থকাত কলঙৰ দুয়োপাৰৰ একাংশ লোক বানৰ কৱলত পৰিছে। আজিও কলং নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। আজি কলং নৈ নগাওঁ চহৰত ৬৪ ছেন্টি মিটাৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে, কলং নৈ ৰহাত ১৫ ছেন্টি মিটাৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। ইপিনে কামপুৰত কপিলী নৈৰ পানী বাতৰি লিখা সময়লৈকে ৪০ ছেন্টিমিটাৰ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে শিলঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বিপদসীমাৰ ২৯ ছেন্টি মিটাৰ তললৈ হ্ৰাস পাইছে। লাওখোৱা আৰু বুঢ়াচাপৰি বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে।