নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত আৰক্ষী, চি আৰ পি এফৰ হাতে হাতে ত্ৰিৰংগা লৈ পদযাত্ৰা

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে পালন কৰা পৰিলক্ষিত হৈছে “আজাদী কা অমৃত মহোৎসৱ” কাৰ্যসূচী । সেই কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি  আজি পুৱা নগাঁও আৰক্ষী প্ৰশাসন, নগাঁৱস্থ ৩৪ নং চি আৰ পি এফ বাহিনীৰ জোৱান সকলে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ এক পদযাত্ৰা উলিয়ায় । নগাঁও জিলাৰ  কঠিয়াতলী ৰেংবেঙৰ পৰা বৰঘাট বাইপাছ হৈ নগাঁও চহৰত প্ৰৱেশ কৰি জোৱানসকলে কাটিমাৰীস্থ ৩৪ নং চি আৰ পি এফৰ চাউনিত পদযাত্ৰাৰ সামৰণি পেলায়। পদযাত্ৰা কৰা জোৱান সকলে  হৰ হৰ ত্ৰিৰংগা, ভাৰত মাতা কি জয় আদি ধ্বনি দি ৰাজপথ মূখৰিত কৰি তোলে। দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস নৱপ্ৰজন্মৰ মাজলৈ বিয়পাই নিয়াৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁলোকে সাংবাদিকৰ আগত উল্লেখ কৰে । আনহাতে এই ত্ৰিৰংগা যাত্ৰাৰ সময়ত  পদযাত্ৰাকাৰী দলটোক পথৰ দাঁতিত ৰৈ ৰাইজে হাত জোকাৰি , চাপৰি বজাই আদৰণি জনোৱা পৰিলক্ষিত হয় ।পদযাত্ৰাকাৰী দলটোৱে প্ৰায় ৩৫ কিলোমিটাৰ পথ অতিক্ৰম কৰে‌ ।দেশৰ প্ৰত্যেকজন নাগৰিক স্বাধীন এই কথা অনুভৱ কৰিবলৈকে আজি এই পদযাত্ৰা কৰা হৈছে বুলি জোৱান সকলে জানিবলৈ দিয়ে ৷
You might also like