নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণতলীৰ পুৰাণ গাঁৱত নিশা চোৰৰ চাফাই অভিযানঃ মহাবিদ্যালয়ৰ অধ্যাপকৰ ঘৰত চুৰিকাণ্ড

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত পুৰাণগাঁৱত যোৱা নিশা চোৰৰ দল এটাই অধ্যাপক এগৰাকীৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰে৷ জানিব পৰামতে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক তথা পুৰাণগাঁও নিবাসী মুল্লুক চান বাবুৰ ঘৰত যোৱা নিশা চোৰৰ দল এটাই লুটপাট চলায়৷ চোৰৰ দলটোৱে অধ্যাপকৰ ঘৰৰ তলা ভাঙি লুটি নিলে স্কুল-কলেজীয়া নথি-পত্ৰ, আ-অলংকাৰ আৰু নগদ দহ হাজাৰ টকা৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আজি সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷ঘটনাই সোণতলী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।
You might also like