নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৭৮৫ লৈ বৃদ্ধি

নিয়মীয় বাৰ্তা, ৫ জুলাইঃ ক’ৰোনা ভাইৰাছৰ গন সংক্ৰমনৰ আশংকা ক্ৰমশঃ বৃদ্ধি পাইছে মধ্য অসমৰ প্ৰধান জিলা নগাঁৱত। দুই গৰাকী ন্যায়িক দণ্ডাধীশ, তিনি গৰাকী আদালতৰ কৰ্মচাৰী, তিনি গৰাকী চাফাই কৰ্মীকে ধৰি ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক ক’ৰোনাত আক্রান্ত হোৱাত ক’ৰোৱা ভাইৰাছৰ গন সংক্ৰমণ হোৱাৰ আশংকাত অধিক ঘনীভূত হৈ পৰিছে নগাওঁ জিলা।

  শনিবাৰে জিলাখনত নতুনকৈ ৩০ গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে। ইয়াকে লৈ জিলাখনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৭৮৫ লৈ বৃদ্ধি পালে।

নগাওঁ জিলা স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে নতুনকৈ আক্রান্ত হোৱা এই লোকসকলৰ ভিতৰত ৬ জন ভ্ৰমণ বৃত্তান্ত নথকা লোকো আছে। এতিয়ালৈকে জিলাখনত ভ্ৰমণ বৃত্তান্ত নথকা ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা ২০ জনৰো অধিক হব। দ্রুত গতিত ক’ৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত নগাওঁ জিলাৰ জনসাধাৰণ চিন্তিত হৈ পৰিছে। সামাজিক সংক্ৰমণৰ আশংকা বৃদ্ধি হৈছে যদিও একাংশ লোকে সামাজিক দূৰত্ব উলংঘা কৰি বজাৰ সমাৰ আদিত অভাৱনীয়ভাৱে ভিৰ কৰা পৰিলক্ষিত হৈছে। তদুপৰি ভ্ৰমণ বৃত্তান্ত নথকা ক’ৰোনাত আক্রান্ত লোক কোৱাৰেণ্টাইনত থকাৰ সময়ত বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছে। যাৰবাবেই জিলাখনত এতিয়া গণ সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

You might also like