নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৮৫২ গৰাকীলৈ বৃদ্ধি

আৰক্ষী কণিষ্টবল সহ কোনো ধৰণৰ ভ্ৰমণ ইতিহাস নথকা ৩ লোকো ক'ৰোনাত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ প্ৰতিদিনে নগাঁৱত কৰ’নাত আক্ৰান্তৰ সংখ্যা অতি উদ্বেগজনক ভাৱে বৃদ্ধি পাইয়ে আছে। আজিও জিলাখনত নতুনকৈ ১৮ জন লোক কৰ’নাত আক্রান্ত হৈছে। ইয়াকে লৈ জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৫২ জনলৈ বৃদ্ধি পালে। জিলাখনত ইতিমধ্যে কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা ৩০ জনৰো অধিক লোক কৰ’নাত আক্রান্ত হোৱাৰ ঘটণাই নগাঁও জিলা প্ৰশাসন, স্বাস্থ্য বিভাগৰ লগতে জিলাবাসীকো উদ্বিগ্ন কৰি তুলিছে। 

   ইপিনে, আজিও এজন আৰক্ষী জোৱান সহ তিনিজন ভ্ৰমণ বৃত্তান্ত নথকা লোক কৰ’ণাত আক্ৰান্ত হোৱাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। আতাউৰ ৰহমান নামৰ আৰক্ষী জোৱান জন জিলাখনৰ কঠিয়াতলী কোৱাৰেনন্টাইন চেন্টাৰৰ কৰ্তব্যত নিয়োজিত আছিল। তাৰ পৰাই তেওঁৰ দেহত কভিড-১৯ সংক্ৰমন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্বাস্থ্য বিভাগে। আনহাতে, ভ্ৰমণ বৃত্তান্ত নথকা কৰ’না আক্ৰান্ত আন লোক কেইজন হৈছে নগাঁও চহৰৰ সমীপৰ চকীটুপৰ পিতা-পুত্ৰ ক্ৰমে গোবিন চন্দ্ৰ নাথ(৬২)আৰু ত্ৰিদীপ চন্দ্ৰ নাথ(৩২)। ইয়াৰ মাজতে আন ভাল খবৰ এয়ে যে কৰ’না আক্ৰান্ত হৈ অৱশেষত সুস্থ হৈ উঠা ৩৬জন লোকক আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে স্বাস্থ্য বিভাগে। ইয়াকে লৈ জিলাখনত সুস্থ হৈ উঠা কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৯২ গৰাকীলৈ বৃদ্ধি পালে।

ইপিনে, ভোগেশ্বৰী ফুকননী ক’ভিড হস্পিতালত বৰ্তমান ৯০ গৰাকী, কন্দলি আদৰ্শ চিকিৎসালয়ত ৩৯ গৰাকী, উজৰা গাঁও আদৰ্শ চিকিৎসালয়ত ৩০ গৰাকী, মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ১৪ গৰাকী আৰু চিমনাবস্তি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৪২ গৰাকী কৰ’নাত আক্রান্ত হৈ লোক চিকিৎসাধীন হৈ আছে।

You might also like