নগাঁৱত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৯৬৯জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১২জুলাইঃ অতি উদ্বেগজনক ভাৱে নগাওঁ জিলাত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়েই আছে। যোৱা কালি বিয়লি পৰ্যন্ত জিলা খনত এজনো লোক নতুনকৈ কৰ’নাত আক্ৰান্ত নোহোৱাৰ খবৰে জিলা বাসীক কিছু সকাহ দিছিল যদিও সেই সকাহ স্থায়ী নহ’ল।কিয়নো কালি বিয়লিৰ পৰা আজি বিয়লি পৰ্যন্ত জিলা খনত ২২গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে।এই ২২গৰাকী লোককে লৈ সম্প্ৰতি জিলা খনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৯৬৯গৰাকীলৈ বৃদ্ধি পালে। স্মৰ্তব্য যে,যোৱা চৌৱিশ ঘন্টাৰ ভিতৰত জিলা খনত কৰ’নাত আক্ৰান্ত হোৱা ২২গৰাকী লোকৰ ভিতৰৰ ১৫গৰাকী লোকেই আজিৰ দিনটোতে আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।
ইপিনে,কালি সন্ধিয়াৰ ভিতৰত জিলা খনৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত থকা ২৪৯গৰাকী লোকক তেওঁ লোকৰ সাত দিনীয়া কোৱাৰেন্টাইনৰ অন্ত পৰা হেতুকে ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে। ইপিনে আজি ক’ৰ’নাত আক্রান্ত হৈ সুস্থ হোৱা ৫ জন লোকক ঘৰলৈ যাবলৈ স্বাস্থ্য বিভাগে অনুমতি দিছে। ইয়াকে লৈ জিলাখনত সুস্থ হোৱা লোকৰ সংখ্যা ৬৩৪ গৰাকীলৈ বৃদ্ধি পালে। কালি আৰু আজি ক’ৰ’নাত আক্রান্ত হোৱা সকলৰ ভিতৰত দুগৰাকী ভ্ৰমণ বৃত্তান্ত নথকা লোকো আছে। এই লোক দুজন হল- চহৰখনৰ চামদাৰপট্টিৰ শান্তি বনিক(৪৮) আৰু নগাওঁ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ অস্থায়ী চাফাই কৰ্মী জোনটি বাছফৰ(২৭)। এই লোক দুজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাছিল। জিলাখনত এতিয়ালৈকে ভ্ৰমণ বৃত্তান্ত নথকা ৫৫ জনৰো অধিক লোক ক’ৰ’নাত আক্রান্ত হৈছে। এনেদৰে ইজনৰ পিছত সিজনকৈ ভ্ৰমণ বৃত্তান্ত নথকা লোক ক’ৰ’নাত আক্রান্ত হৈ থকা ঘটনাই নগাওঁ বাসীক চিন্তিত কৰি তুলিছে। ক্ৰমশঃ ক’ৰ’নাৰ গনসংক্ৰমনৰ দিশে অগ্ৰসৰ হৈছে নগাওঁ জিলা। আনহাতে নগাওঁ চহৰৰ সমীপৰ কাটিমাৰীত থকা চি আৰ পি এফ কেম্পৰ ৭ জন জোৱান ক’ৰ’নাত আক্রান্ত হৈছে। এই চি আৰ পি এফ জোৱান কেইজন ছুটীকালীন সময় শেষ হোৱাৰ পিছত কৰ্তব্যত যোগদান কৰিবলৈ অহাৰ পিছত তেওঁলোকৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰা হৈছিল। যোৱানিশা তেওঁলোকৰ নমুনাৰ প্ৰতিবেদন পজিটিভ আহে। আনহাতে, আজিৰ দিনটোতো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হাস্পতালত ১০৪ জন, কন্দলী মডেল হস্পাতালত ৪৫ জন, উজৰাগাঁও আদৰ্শ চিকিৎসালয়ত ১৭ জন, মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৪৯ জন আৰু চিমনাবস্তি আদৰ্শ চিকিৎসালয়ত ৬৪ জন কৰ’না আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে