নগাঁৱত গ্রেপ্তাৰ ১০ চোৰাং গৰু সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ নগাঁও চহৰৰ মাজেৰে অবৈধভাৱে পশুধনৰ সৰবৰাহ অব্যাহত আছে৷ যোৱানিশাও ২ মান বজাত নগাঁও আৰক্ষীয়ে এক অভিযান চলাই চহৰখনৰ হয়বৰগাঁৱৰ পৰা চাৰিখনকৈ চোৰাং গৰুভর্তি ট্রাক জব্দ কৰে৷ আৰক্ষীয়ে দহজন গৰু সৰবৰাহকাৰীকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ ৰূপহীৰ পৰা মেঘালয় অভিমুখে এ এছ ০১ এফ চি ৭০৮৬, এ এছ ০১ জে চি ০৬৮৬, এ এছ ০২ বি চি ৩৩১২ আৰু এ এছ ০২ বি চি ৩৫৫৩ নম্বৰৰ তিনিখন ড্রাক আৰু এখন ডি আই মিনি ড্রাকেৰে দুকুৰিৰো অধিক পশুধন মেঘালয় হৈ বাংলাদেশলৈ বুলি সৰবৰাহকাৰীৰ দলটোৱে লৈ গৈ আছিল৷ নগাঁৱৰ মাজেৰে গৰুভর্তি ট্রাককেইখন আহি থকাৰ বিষয়ে চোৰাংচোৱাৰ জৰিয়তে নগাঁও আৰক্ষীয়ে খবৰ লাভ কৰে৷ নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই চহৰখনৰ হয়বৰগাঁৱৰ পৰা গৰুভর্তি ট্রাককেইখন জব্দ কৰাৰ লগতে ১০জন সৰবৰাহকাৰীকো গ্রেপ্তাৰ কৰে৷ অৱশ্যে আৰক্ষীয়ে ধৃত চোৰাং গৰু সৰবৰাহকাৰীকেইজন্ নাম সংবাদ মাধ্যমৰ আগত সদৰী কৰা নাই৷
ইপিনে, যোৱানিশা ২ বজাতেই জব্দ হোৱা পশুধনসমূহ দুপৰীয়া পর্যন্ত জব্দ কৰা ট্রাকৰ ভিতৰতেই অনাহাৰে আবদ্ধ হৈ থকা পৰিলক্ষিত হয়৷