নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ছাত্রীক সুৰাপান কৰাই ধর্ষণ

নিয়মীয়া বাৰ্তা, ২৬ মেঃ লকডাউন চলি থকাৰ মাজতে নগাঁৱত সংঘটিত হয় এক জঘন্য কাণ্ড৷ কালি সন্ধিয়া সংঘটিত হয় এই জঘন্য কাণ্ড৷ জানিব পৰা মতে, নগাঁও চহৰৰ শাস্ত্রী নগৰৰ দশম শ্রেণীত অধ্যয়নৰত এগৰাকী ছাত্রীক এজন যুৱকে ফুচুলাই নি ডিমৰুগুৰিৰ এটা ভাৰাঘৰলৈ লৈ আনে৷ যুৱকজনে ছাত্রীগৰাকীক এ এছ ০২ ভি ৮৭১২ নম্বৰৰ স্কুটীৰে ডিমৌগুৰিৰ এটা ভাৰাঘৰলৈ লৈ আনে৷ পিছত আন এজন যুৱক ভাৰাঘৰটোলৈ আহে৷ দুয়োজন যুৱকে ছাত্রীগৰাকীক সুৰা সেৱন কৰোৱাৰ পিছত ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ জানিব পৰা মতে ছাত্রীগৰাকীয়ে কালি প্রায় ৪ বজাত অলপ ওলাই আহো বুলি ঘৰত কৈ আহিছিল৷ ৩ ঘণ্টা মানলৈকে ছাত্রীগৰাকী ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বিচাৰ–খোঁচাৰ কৰাৰ লগতে হয়বৰগাঁও আৰক্ষীক অৱগত কৰে৷ হয়বৰগাঁও আৰক্ষী চকীৰ সূত্রই জনোৱা মতে নিশা প্রায় ১০ বজাত ছাত্রীগৰাকী নিজে হয়বৰগাঁও আৰক্ষী চকীত উপস্থিত হৈ ঘটনা সন্দর্ভত আৰক্ষীক অৱগত কৰে৷ আৰক্ষীৰ আগত ছাত্রীগৰাকীয়ে গণেশ নামৰ এজন যুৱকৰ কথা উল্লেখ কৰে যদিও ঠিকনা দিবলৈ সক্ষম নহয়৷ আজি হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই এই কাণ্ডৰ মূল অভিযুক্তজনক পুৱাৰ ভাগত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ফৌজদাৰীপট্টি অঞ্চলত অভিযান চলাই আনজন অভিযুক্তক গ্রেপ্তাৰ কৰাৰ লগতে স্কুটীখনো জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে যুৱক দুজন কম বয়সীয়া হোৱাৰ সন্দেহ কৰি নাম প্রকাশ কৰিব বিচৰা নাই৷ অৱশ্যে আৰক্ষীয়ে যুৱক দুজনৰ বয়স সন্দর্ভত জানিবৰ বাবে তেওঁলোকৰ যাৱতীয় নথি–পত্র সংগ্রহৰ ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like