নগাঁৱত ভাতৃ-ভগ্নী সহ দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । নগাঁও জিলাক ড্ৰাগছ মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ সংকল্প লৈ নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে । এই অভিযানৰ অংশ হিচাবে এক গোপন সুত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদিব কুমবাঙৰ নেতৃত্বত আৰু হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ সহযোগত যোৱা আৰক্ষীৰ দলে যোৱা নিশা অভিযান চলাই নাৰমাৰীৰ জাকিৰ হুছেইনৰ ঘৰত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে জাকিৰ হুছেইন(৫৫) আৰু ৰহাৰ দীঘলীআটিৰ আছমিনা খাতুনক (৪০) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে আছমিনা জাকিৰ হুছেইনৰ ভগ্নী । এই দুই ভাতৃ-ভগ্নী মিলি দীৰ্ঘ দিনৰ পৰাড্ৰাগছৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছিল। তদুপৰি আৰক্ষীয়ে আজি বিয়লী হয়বৰগাও আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নগাঁও চহৰৰ ইছলাম পট্টিৰ পৰা এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী জন হল হাফিজুল শ্বেখ(২৬)। আৰক্ষীয়ে শ্বেখৰ পৰা হিৰইন ভৰ্ত্তি ২০ টা কণ্টেনাৰ জব্দ কৰে। আটক কৰা ড্ৰাগছ আসক্ত যুৱক কেইজল হল মোজাহিদুল ইছলাম (১৯) , চহিদুল ইছলাম(২৭) আৰু ইব্ৰাহিম শ্বেখ (২৬)। ইয়াৰে মোজাহিদুলৰ ঘৰ ৰূপহীৰ তাৰাবাৰীত। ড্ৰাগছ আসক্ত যুৱক তিনিজনক ড্ৰাগছ আসক্ত মুক্তি সেৱা কেন্দ্ৰলৈ পঠোৱা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।