নগাঁৱত স্মৃতি দিৱসত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাক স্মৰণ
নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও সাহিত্য সভাৰ সহযোগত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ স্মৃতি দিৱস নগাঁও সাহিত্য সভা ভৱনত উদযাপন কৰা হয় ৷ এই উপলক্ষে পুৱা সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ প্ৰতিছব্বিত মাল্য প্ৰদান কৰা হয়৷ ইয়াৰ পাচতে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰন সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক সমালোচক তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উপেন্দ্ৰ বৰকটকীয়ে সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ ব্যক্তিত্ব আৰু জীৱনাদৰ্শনৰ বিষয়ে উল্লেখ কৰি কয় : “জ্ঞান অন্বেষণ, অধ্যয়ন স্পৃহা আৰু প্ৰগতিবাদী চিন্তা চেতনাৰে সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা পৰিচিত। তেওঁ আছিল বিশাল পাণ্ডিত্যৰ অধিকাৰী। সংস্কৃত আৰু ইংৰাজী সাহিত্যটো যজ্ঞেশ্বৰ শৰ্মাৰ অগাধ দখল আছিল। এগৰাকী সু-প্ৰশাসক হিচাপেও তেওঁৰ সুখ্যাতি আছিল।
নগাওঁ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে প্ৰয়াত যজ্ঞেশ্বৰ শৰ্মাই মহাবিদ্যালয়খনৰ উত্তৰণৰ হকে যথেষ্ঠ খিনি কাম কৰিছিল।” আনহাতে প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিয়ে যজ্ঞেশ্বৰ শৰ্মালৈ লিখা এক পত্ৰ বৰকটকীয়ে পাঠ কৰে। অনুষ্ঠানত আন এগৰাকী নির্দিষ্ট বক্তা নগাওঁ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথে কয়: “যজ্ঞেশ্বৰ শৰ্মা এগৰাকী জ্ঞান অন্বেষক আৰু সহজ সৰল কবি আছিল। এই গৰাকী পণ্ডিতে নিজৰ পাণ্ডিত্য কেতিয়াও প্ৰদৰ্শন কৰা নাছিল।”
তেওঁ লগতে কয় যে এতিয়ালৈকে অসম সাহিত্য সভাৰ যিসকল সভাপতিয়ে অভিভাষণ লিখিছে সেই সকলৰ ভিতৰত যজ্ঞেশ্বৰ শৰ্মাৰ সভাপতিৰ অভিভাষণ আটাইতকৈ ছুটী । নগাওঁ জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই উদ্দেশ্য বাখ্যা কৰা আৰু নগাওঁ সাহিত্য সভাৰ সম্পাদক পাপুল বৰাই আঁত ধৰা সভাখনত সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ পুত্ৰ ডাঃ পি কে শৰ্মা, নগাওঁ সাহিত্য সভাৰ উপ সভাপতি থগিত মহন্ত, সহকাৰী সম্পাদক ৰাজীৱ হাজৰিকা, মৃগাংক বৰা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য আবুল খায়েৰ আহমেদ, নগাওঁ সাহিত্য সভাৰ সভাপতি মিন্টু শৰ্মাৰ লগতে ত্ৰৈলোক্য ভট্টাচাৰ্য , বিনু লস্কৰ ঠাকুৰীয়া, ভাৰত চন্দ্ৰ নাথ, নৱকান্ত লিগিৰা, মীনা বৰা, দুলুমণি শইকীয়া, মামণি শৰ্মা ভট্টাচাৰ্য, জিতেন শৰ্মা, বিচিত্ৰ নাৰায়ণ বৰা, সূৰ্য বৰা, দুলাল দাস, প্ৰেমেশ্বৰ দাস, ধৰ্ম প্ৰসাদ গোস্বামী, মনোজ শৰ্মা, যুটীকা মণি দাস, অমিয়া শইকীয়া, লক্ষী প্ৰসাদ ডেকা আদিয়ে অংশগ্ৰহণ কৰে।