নগাঁৱৰ কৰৈয়নীত মহিলাক জ্বলাই হত্যা দুর্বৃত্তৰ
নিয়মীয়া বাৰ্তা, ২৫ মেঃ নগাঁও জিলাৰ ইটাচালী আৰক্ষী চকীৰ অন্তর্গত কৰৈয়নী বামুণগাঁৱত সংঘটিত হৈছে এটা নৃশংস ঘটনা৷ এগৰাকী অচিনাকি মহিলাক কাগজৰ কার্টনেৰে জ্বলাই দিয়ে দুর্বৃত্তই৷ কালি নিশাই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ তথা আৰক্ষীয়ে৷ অৱশ্যে আজি বিয়লিহে ঘটনাটো পোহৰলৈ আহে৷ জানিব পৰা মতে, কৰৈয়নী বামুণগাঁৱৰ পথাৰত আজি বিয়লি উদ্ধাৰ হয় এগৰাকী মহিলাৰ অর্ধদগ্ধ মৃতদেহ৷ বিয়লি গৰু আনিবলৈ গৈ স্থানীয় লোকে মৃতদেহটো প্রত্যক্ষ কৰে৷ মহিলাগৰাকী শাৰী পিন্ধি আছিল৷ পিছত স্থানীয় ৰাইজৰ পৰা অৱগত হৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে৷ অচিনাক্ত মহিলাগৰাকীৰ অর্ধদগ্ধ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে৷ ‘লকডাউন’ৰ পৰিপ্রেক্ষিতত সান্ধ্য আইন বলৱৎ থকা সত্ত্বেও কেনেদৰে দুর্বৃত্তই মহিলাগৰাকীক পথাৰলৈ নি জ্বলাই দিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ঘটনা সম্পর্কত বর্তমানলৈকে আৰক্ষীয়ে কোনো লোকক কৰায়ত্ত কৰিব পৰা নাই৷