নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ৰৌমাৰীত দুই ফৈদৰ সংঘাত, মহিলাসহ আহত ১২জন

নিয়মীয়া বাৰ্তা ,১১জুলাইঃ নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ইটাপাৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰৌমাৰীত  আজি দুই ফৈদৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত দুগৰাকী মহিলাসহ দুয়োটা ফৈদৰে ১২ জনকৈ লোক গুৰুতৰ ভাৱে আহত হয় । আহত লোক সকলক সকলক  নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।কৰ’না ভাইৰাছৰ বিভীষিকাৰ সময়তো এগৰাকী ব্যক্তিয়ে মাস্ক নিপিন্ধাকৈ ঘূৰি-ফুৰাকলৈয়ে এই সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ কথা জানিব পৰা গৈছে। অৱশ্যে দুয়োটা পক্ষৰ মাজত বহু দিনীয়া মাটি বাৰীৰ সংঘাতো অব্যাহত আছিল বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছে। উত্থাপিত অভিযোগ অনুসৰি অঞ্চলটোৰ জনৈক চুবেদ আলীৰ পৰিয়ালে ছাদ্দাম নামৰ পৰিয়ালৰ মাস্ক পৰিধান নকৰা লোকজনক দা , লোৰ ৰড আৰু কাঠৰ বাটামেৰে প্ৰথমে আক্ৰমণ কৰে । পৰৱৰ্তী সময়ত সিটো পক্ষইও হাতে হাতে অস্ত্ৰ শস্ত্ৰ লৈ প্ৰত্যাক্ৰমণ কৰে।ফলত এই আক্ৰমণ-প্ৰত্যাক্ৰমণত দুই ফৈদৰে মুঠ ১২ জনকৈ লোক গুৰুতৰ ভাৱে আহত হয় । আহত সকলৰ ভিতৰত দুগৰাকী মহিলাও আছে।ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ইটাপাৰা আৰক্ষী চকীৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো এজন লোককে গ্ৰেপ্তাৰ কৰা নাই।

You might also like