নলবাৰীৰ বুদ্রুকুছিৰ শ্যামকলীয়া প্রভুৰ সভা মহোৎসৱৰ সফল সামৰণি
নিয়মীয়া বার্তা, ২৫ জানুৱাৰীঃ নলবাৰী জিলাৰ বাঁহজানীৰ উত্তৰ বুদ্রুকুছিৰ তুৰিয়াপাৰা শ্যামকলীয়া মন্দিৰৰ বার্ষিক সভা উৎসৱ শ শ ভক্তৰ ভক্তিৰসেৰে মুখৰ হৈ পৰে৷ ২১ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ চলা সভাৰ খেল–ধেমালি, ভেশছন প্রতিযোগিতা, ভাগৱত পাঠ আৰু শ্রীশ্রী ক’লীয়া মহাপ্রভুক অগ্ণিশাল সত্রলৈ শোভাযাত্রা কৰি নি প্রত্যাগমনেৰে সভাৰ সামৰণি পৰে৷ ২২ জানুৱাৰীৰ দিনা পুৱা বার্ষিক হোম৷ ইয়াৰ পিছতে সমাজসেৱক জিতেন ডেকাই দান কৰা বস্ত্রসমূহ অঞ্চলটোৰ দুখীয়া বৃদ্ধ–বৃদ্ধাক প্রদান কৰা হয়৷ আবেলি দৰঙৰ পাঠক মহেশ ডেকা আৰু সুভাষ নাথে পৰিৱেশন কৰা নাগাৰা নাম উদ্বোধন কৰে পশু চিকিৎসা বিষয়া ডাঃ দীপজ্যোতি মহন্তই৷
২১ জানুৱাৰীৰ দিনা পুৱা শ্যামক’লীয়া প্রভুৰ প্রাতঃস্নান আৰু আৰতি প্রদান৷ ইয়াৰ পিছতে নন্দী ডেকাই পতাকা উত্তোলন কৰি অনুষ্ঠানৰ পাতনি মেলে৷ গছপুলি ৰোপণ কৰে সমাজসেৱক ধর্মকান্ত শর্মাই৷ ১২ বজাত লাৰু–পিঠা বনোৱা প্রতিযোগিতা হয়৷ সন্ধিয়া সভাৰ মুখ্যদ্বাৰ উন্মোচন কৰে শিক্ষাবিদ ড০ ধনেশ্বৰ ডেকাই৷ উদযাপন সমিতিৰ সম্পাদক মনোজ ডেকা আৰু সমীন ডেকাই আঁত ধৰা বন্তি প্রজ্বলন অনুষ্ঠানত মুখ্য বন্তি প্রজ্বলন কৰে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা আৰু প্রজ্বলন কৰে জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, পশু চিকিৎসা বিষয়া ডাঃ অভিজিৎ ডেকা, পঞ্চায়ত সভানেত্রী জোনমণি বৈশ্য তালুকদাৰ, আঞ্চলিক সদস্য জয়দেৱ দাস, হিতেশ তালুকদাৰ, অসম জাতীয় পৰিষদৰ জিলা মুখ্য আহ্বায়ক নগেন ডেকাই৷ সন্ধিয়া ৬ বজাত শ্যামক’লীয়া প্রভুক অগ্ণিশাল সত্রৰ পৰা আনি মন্দিৰত স্থাপন কৰা হয়৷ নিশা সন্ধ্যাতৰা নাট্যদলৰ নাট্যানুষ্ঠান অনুষ্ঠিত হয়৷