নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলি–শাস্ত্রীয়ে নির্ভীক কৰিছে ভাৰতক

নিয়মীয়া বার্তা, ২৫ জানুৱাৰীঃ আজিংক্য ৰাহানেৰ নেতৃত্বত টীম ইণ্ডিয়াই অষ্ট্রেলিয়াত ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰিছে যদিও নিয়মীয়া অধিনায়ক বিৰাট কোহলি আৰু মুখ্য প্রশিক্ষক ৰবি শস্ত্রীয়ে ভাৰতীয় দলটোক নির্ভীক আৰু যুঁজাৰু কৰি তুলিছে৷ এই মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ বলিং প্রশিক্ষক ভৰত অৰুণে৷

ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে ৰাহানেৰ নেতৃত্বত টীম ইণ্ডিয়াই অষ্ট্রেলিয়াত অসাধ্য সাধন কৰিলে৷ এই দলটোৰ প্রতিগৰাকী খেলুৱৈ অত্যন্ত সাহসী আৰু যিকোনো প্রত্যাহ্বান গ্রহণ কৰিবলৈ মানসিকভাৱে শক্তিশালী৷ প্রশিক্ষক ৰবি শাস্ত্রী আৰু অধিনায়ক বিৰাট কোহলিয়ে বিগত কেইবাবছৰ ধৰি দলৰ ড্রেছিং ৰুমত এনে এক ইতিবাচক পৰিৱেশ তৈয়াৰ কৰিছে যে খেলুৱৈসকলে এতিয়া কোনো প্রত্যাহ্বানক ভয় নকৰে৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ছিনিয়ৰ খেলুৱৈসকল নথকা সত্ত্বেও ভাৰতে যি অবিশ্বাস্য সাফল্য অর্জন কৰিলে, এয়া কোহলি আৰু শাস্ত্রীৰ বছৰজোৰা প্রচেষ্টাৰ ফল৷ বলিং প্রশিক্ষক ভৰত অৰুণে এই কথাও উল্লেখ কৰে যে কোহলিৰ নেতৃত্বত ভাৰতে এতিয়ালৈকে ২০টা শৃংখলাৰ ১৪টাতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ অধিনায়ক হিচাপে তেওঁৰ জয়ৰ পৰিসংখ্যা হ’ল ৭০ শতাংশ৷

উল্লেখ্য যে বিৰাট কোহলিৰ অনুপস্থিতিত অধিনায়ক ৰাহানেই অষ্ট্রেলিয়াত নির্ভীক খেল প্রদর্শন কৰি টীম ইণ্ডিয়ালৈ চিৰস্মৰণীয় জয় কঢ়িয়াই অনাৰ পিছতে একাংশ ক্রিকেট বিশ্লেষকে ৰাহানেক ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব দিয়াৰ পোষকতা কৰিছে৷ এনে সময়তে কোহলি আৰু শাস্ত্রীৰ সমর্থনত বলিং প্রশিক্ষক ভৰত অৰুণ আগুৱাই অহাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

You might also like