নাওবৈচাত বানাক্রান্তৰ খবৰ ল’বলৈ যোৱা বিধায়ক ভৰত নৰহক পহুখেদা
নিয়মীয়া বাৰ্তা, ২১ মে’: সপ্তম দিনাও নাওবৈচাত শিঙৰা নৈৰ বান পৰিস্থিতি অপৰিৱর্তিত হৈয়ে আছে৷ শিঙৰা নৈৰ সোঁপাৰৰ শিঙৰা গাঁৱৰ সমীপত থকা উন্মুক্ত মথাউৰি অংশৰে অহৰহ নৈখনৰ বাঢ়নী পানী সোমাই অহাৰ ফলত সপ্তম দিনাও দক্ষিণ নাওবৈচাৰ বান পৰিস্থিতি অপৰিৱর্তিত হৈ আছে৷ নাওবৈচাৰ ৰাজহ চক্রৰ অধীনস্থ দক্ষিণ নাওবৈচাৰ ২০খনতকৈ অধিক গাঁৱৰ সহস্রাধিক জনসাধাৰণে যোৱা সাতটা দিনে নৈখনৰ সংহাৰী বানত অন্ন–বস্ত্র–বাসস্থান হেৰুৱাই অন্তহীন দুর্যোগৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে যদিও জিলা প্রশাসনে পর্যাপ্ত পৰিমাণৰ বান সাহায্য প্রদান নকৰাত বানাক্রান্ত ৰাইজ ক্ষুব্ধ হৈ পৰিছে৷
অৱশ্যে কালি কিছু পৰিমাণে বান সাহায্য প্রদান কৰাত সকাহ পাহছে বন্যার্তই৷ বিশেষকৈ অঞ্চলটোৰ গোসাঁনীবাৰী, ১নং গেলাহাটী, ২নং গেলাহাটী আৰু চেঙেলীজান গাঁৱৰ নৈখনৰ সংহাৰী বানে অধিক জটিল ৰূপ ধাৰণ কৰিছে৷ গাঁওকেইখনৰ বানাক্রান্ত ৰাইজে ওখ ঠাহত গৰু–ছাগলী সৈতে সহাৱস্থানেৰে এমুঠি অন্ন বিচাৰি হাহাকাৰ কৰি থাকিবলগীয়া হৈছে৷ গাঁওকেইখনৰ মাজেৰে যোৱা মূল গড়কাপ্ঢানী পথটো একঁকাল পর্যন্ত ডুবাই ৰখাত বর্তমান যাতায়াত বন্ধ হৈ আছে৷ গাঁওকেইখনৰ অধিকসংখ্যক লোকৰে বাসগৃহ ডুবাই ৰখাত ওখ ভেটিত আশ্রয় গ্রহণ কৰি কোনোমতে জীৱন অতিবাহিত কৰি আহিছে৷
উল্লেখ্য যে সংবাদ মাধ্যমত অঞ্চলটোত বান পৰিস্থিতি সন্দর্ভত এক বিস্তৃত প্রতিবেদন প্রকাশ পোৱাৰ পাছতেহে কালি জিলা প্রশাসনৰ তৰফৰ পৰা কিছু বান সাহায্য প্রদান কৰে৷ যোৱা ছয়টা দিনে বান পৰিস্থিতি পৰিদর্শন কৰিবলৈ কি জিলা প্রশাসন, কি জনপ্রতিনিধি, কি বিধায়ক অঞ্চলটোত ভৰি নথ’লে৷ ইপিনে সংবাদ মাধ্যমত চোকা সমালোচনা কৰাৰ অন্তত আজি অঞ্চলটোৰ গোসাঁনীবাৰী–গেলাহাটী আৰু চেঙেলীজান গাঁৱৰ বান পৰিস্থিতি পৰিদর্শন কৰিবলৈ আহি বানাক্রান্ত ৰাহজৰ ৰোষত পৰে নাওবৈচাৰ বিধায়ক ভৰত নৰহ৷ সাত দিনৰ মূৰত বিলাসী গাড়ীত আহি বানাক্রান্ত গাঁওকেহখন ৰাহজৰ খবৰ ল’বলৈ অহা বিধায়ক ভৰত নৰহক বানাক্রান্ত ৰাহজে আবদ্ধ কৰি বিভিন্ন প্রশ্ণৰে থকা–সৰকা কৰে৷ বানাক্রান্ত ৰাহজৰ তির্যক প্রশ্ণবাণৰ উত্তৰ দিব নোৱাৰা বিধায়কগৰাকী বানাক্রান্ত ৰাহজৰ ওচৰত নিশ্চুপ হৈ থকা পৰিলক্ষিত হয়৷ আজি সাতটা দিন পাৰ হৈ যোৱাৰ পাছতো অঞ্চলটো এবাৰো বান পৰিস্থিতি বুজ ল’বলৈ নহা এনে বিধায়ক আমাৰ প্রয়োজন নাই বুলি বিভিন্ন ধৰণৰ গালি–গালাজেৰে ৰাহজে বিধায়কগৰাকীক ব্যতিব্যস্ত কৰি তোলে৷ অৱশেষত ৰাইজৰ এটা প্রশ্ণৰো সঠিক উত্তৰ দিব নোৱাৰি সাংগোপাংগসহ বিলাসী গাড়ীত উঠি বানাক্রান্ত অঞ্চলটোৰ পৰা বিধায়কগৰাকীয়ে পলায়ন কৰে৷