নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাৰ ঐতিহ্যমণ্ডিত ডিম্বৰুগুৰি শংকৰ মন্দিৰত শ্ৰী শ্ৰী ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ:  বৃহত্তৰ নাওবৈচা অঞ্চলৰ ঐতিহাসিক তথা ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠান ডিম্বৰুগুৰি শংকৰ মন্দিৰত এইবাৰো  অহা ৭ আৰু ৮  নৱেম্বৰ দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰাসলীলাৰ অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। উল্লেখযোগ্য যে বিগত দুটা বৰ্ষত ক’ৰোনা মহামাৰীৰ বাবে ৰাসলীলা আয়োজন কৰিব পৰা নাছিল যদিও এইবাৰ ক’ভিড কোনো আতংক নাই যাৰ বাবে অঞ্চলটোৰ ৰাইজে মুকলি মুৰীয়াকৈ  শ্ৰী কৃষ্ণৰ পুৰ্ণাংগ ৰাসলীলা অনুষ্ঠিত কৰিবলৈ মন্দিৰৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজ তৎপৰ হৈ পৰিছে। এই উদ্দেশ্য অলপতে  ডিম্বৰুগুৰি শংকৰ মন্দিৰ প্ৰাংগণত ৰাসলীলাৰ  লাইখুটা স্থাপনৰ পিছত এতিয়া  পেণ্ডেল কাম  চলি থকাৰ সমান্তৰাল ভাৱে  আখৰো পূৰ্ণ গতিত চলি আছে।   যোৱা প্ৰায় ১৫ /২০ দিনৰ আগৰে পৰা  মন্দিৰ প্ৰাংগণৰ  আখৰাগৃহত ৰাসলীলাৰ আখৰাত ব্যস্ত হৈ পৰিছে কণ কণ গোপ গোপী বালক সকল।গোপ গোপী বালক সকলৰ কৃষ্ণ নৃত্যৰে  মন্দিৰৰ প্ৰাংগণ  বৰ্তমান মুখৰিত কৰি তুলিছে। অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সামূহিক প্ৰচেষ্টাত অত্যাধুনিক কাৰ্য  কলাপে এইবাৰ ৰাস মহোৎসৱৰ অনুষ্ঠিত কৰিবৰ বাবে দিনে ৰাতিয়ে ৰাইজ ব্যস্ত হৈ পৰিছে।। ৰাস উদযাপন সমিতিৰ সভাপতি মীন শইকীয়াৰ আৰু কাৰ্যকৰী সভাপতি ভাৰত বৰুৱাই ৰাস মহোৎসৱৰ উক্ত দিন কেইটা অঞ্চলটোৰ ৰাইজৰ সহায় সহযোগিতাৰ লগতে শ্ৰী কৃষ্ণ ৰাস দৰ্শন কৰিবলৈ আহ্বান জনাইছে।
You might also like