নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাজ্যজুৰি অনুষ্ঠিত হ’ব একতাৰ দৌৰ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ:  ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ অক্টোবৰত ৰাজ্যখনত ৩,৫০০ টা স্থানত একতাৰ দৌৰৰ আয়োজন কৰা হ’ব৷ আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন সন্দৰ্ভত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷ উল্লেখ্য যে মহান স্বাধীনতা সংগ্ৰামী, দেশৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী তথা প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়৷

মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে প্ৰতিখন জিলাৰ ১০০টা স্থানত একতা দৌৰৰ আয়োজনেৰে সমগ্ৰ অসমত মুঠ ৩,৫০০টা স্থানত একতাৰ দৌৰৰ আয়োজন কৰা হ’ব৷ জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণক জড়িত কৰি এই একতা দৌৰৰ আয়োজন কৰিব৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিখন শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ত সেইদিনা পুৱা ১০.৩০ বজাত ৰাষ্ট্ৰীয় একতাৰ বাবে প্ৰতিজ্ঞা গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈও নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যিক আৰক্ষী বাহিনীক প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়ত এই উপলক্ষে কুচ্‌কাৱাজ উলিয়াবলৈও নিৰ্দেশ দিয়ে৷ সকলো জিলাতে এই কাৰ্যসূচী যাতে সফলভাৱে ৰূপায়ণ হয় সেই উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে বিতং আলোচনা কৰি যাৱতীয় পদক্ষেপ ল’বলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে৷

আজিৰ এই অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like