নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ নাহৰকটীয়া চাচনী কচুবাম গাঁৱত পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ।দীৰ্ঘদিন ধৰি অঞ্চলটোৰ গৰু ছাগলী ভক্ষণ কৰাৰ লগতে গাওঁবাসীক আক্ৰমণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰফুটুকী বাঘটোৱে। অৱশেষত শুকুৰবাৰে বন বিভাগে পিঞ্জৰা বদ্ধ কৰে নাহৰফুটুকীটো ।

উল্লেখ্য যে দীৰ্ঘদিন অঞ্চলটোত আতংকৰ সৃষ্টি কৰাৰ লগতে কচুবাম গাওঁৰ কেইবাজনো লোকক আক্ৰমণ কৰি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কৰিছিল নাহৰফুটুকীটোৱে। আনকি এই নাহৰফুটুকী বাঘটোৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল কচুবাম গাওঁৰ ৰঞ্জন মন্ত্ৰী নামৰ এজন ব্যক্তি ।

ইফালে দীৰ্ঘদিন ধৰি আতংক সূষ্টি কৰা নাহৰফুটুকীতো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বষ্টিৰ নিস্বাস এৰিছে গাওঁবাসীয়ে । আনহাতে পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটো জয়পুৰ বৰ্ষাৰণ্যত মুকলাই দিব বন বিভাগে।

You might also like