নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত দেউৰী ৰাইজে পালন কৰিলে ইবাঁকু বিচু

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : অসমৰ অন্যতম  ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীয় লোকসকলৰ আজি বহাগ বিহু ৷ পৰম্পৰা অনুসৰী বহাগ মাহৰ প্ৰথমটো বুধবাৰে দেউৰী জনগোষ্ঠীয় লোকসকলে পালন কৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে পালন কৰে বিহু তথা দেউৰী জনগোষ্ঠীয় লোকসকলৰ মতে বহাগীয় বিচু বা ইবাঁকু বিচু ৷ ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰটো জনগোষ্ঠীটোৰ লোকসকলে অতি উলহ-মালহেৰে হেঁপাহৰ বিহুটি উদযাপন কৰিছে । নাৰায়ণপুৰৰ, কিনাপথাৰ,মাজৰ চাপৰি,পিছলা,জয়পুৰ,লংকাপুৰ,কাচিকতা দেউৰী গাঁৱৰ লগতে অসমৰ সৰ্ববৃহৎ দেউৰী গাঁও বৰদেউৰী গাঁৱৰ ৰাইজে উদযাপন কৰিছে বিহু ৷ বুধবাৰে উৰুকাৰ সন্ধিয়াৰ পৰা বৃহস্পতিবাৰে পুৱালৈকে গাঁৱৰ বৰপূজাৰীৰ ঘৰৰ চোতালত গাঁৱৰ ডেকা-গাভৰু সকলে বোকা বিহু মাৰি আনন্দ কৰাটো জনগোষ্ঠীটোৰ এক ঐতিহাসিক পৰম্পৰা ।
আজিও পুৱা সকলো ডেকা গাভৰু মিলি নাচি বাগি বোকা খেলি আনন্দ কৰা পৰিলক্ষিত হয়। ৰঙালী বিহু উৎসৱ হ’লেও দেউৰী জনগোষ্ঠীয় লোক সকলৰ বাবে ই কেৱল ৰং ৰহইচৰ উৎসৱ নহয়, ই অতি প্ৰাচীন কালৰে পৰা চলি অহা কৃষি ভিত্তিক সাংস্কৃতিক মহোৎসৱ । জনগোষ্ঠীটোৰ লোক সকলে বিহুৰ দিনা পুৱা বিভিন্ন পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাটোও আন এক পৰম্পৰা । পুৱা বয়োজ্যেষ্ঠ সকলে ঘৰে ঘৰে চন্দ্ৰ সূৰ্য্যক সাক্ষী কৰি পূৰ্ব পুৰুষক পূজা-অৰ্চনাও কৰে । আনহাতে জনগোষ্ঠীটোৰ মহিলা সকলে ইতিমধ্যে ঘৰে ঘৰে বিভিন্ন পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথিক আপ্যায়নৰ প্ৰস্তুতি চলাইছে । এই বসন্ত উৎসৱটি দেউৰী জনগোষ্ঠীয় লোকসকলে কৃষি ভিত্তিক এক উৎসৱ হিচাপেও গন্য কৰি আহিছে ৷ কৃষিজীৱী জনগোষ্ঠীটোৰ লোকসকলে অতি উলহ মালহেৰে বহাগ বিহু উৎযাপনৰ পিছতে কৃষি কাৰ্যৰ লগত জড়িত হৈ পৰে
You might also like