নিৰাপত্তাহীনতাত শ্রীৰামপুৰৰত নিয়োজিত স্বাস্থ্য–চাফাই কৰ্মী
নিয়মীয়া বাৰ্তা, ২৫ মেঃ বহিঃৰাজ্য ফেৰৎ লোকসকলে শ্রীৰামপুৰ স্ক্রীনিং কেন্দ্রত উপস্থিত হৈ নাম–ঠিকনা পঞ্জীয়ন কৰাৰ বাবে ভিৰ কৰি সামাজিক দূৰত্ব বজাই নৰখাত নিৰীক্ষণৰ বাবে নিয়োগ কৰা কর্মীসকল বিপাঙত পৰিছে৷ সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে আৰক্ষী–প্রশাসনে বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও বহিঃৰাজ্যৰ পৰা অসমলৈ আগমন ঘটা লোকসকলে কোনো ভ্রূক্ষেপ কৰা নাই৷ শ্রীৰামপুৰ স্ক্রীনিং চেণ্টাৰৰ দৃশ্য চিনেমা হলৰ টিকট কাউণ্টাৰৰ দৰে লাগিছে৷ উল্লেখ্য যে কেন্দ্রটোত বহিঃৰাজ্যৰ পৰা অহা লোকৰ নাম পঞ্জীয়ন কৰি ৰখা হয়৷ কিন্তু বহিঃৰাজ্য ফেৰৎ লোকে স্ক্রীনিং হৈ থকা সময়ছোৱাত সামাজিক দূৰত্ব উলংঘা কৰা পৰিলক্ষিত হৈছে৷ কেন্দ্রটোত থকা স্বাস্থ্য কর্মী, চাফাই কর্মী আৰু নিয়োজিত হোৱা শিক্ষকসকলেও বহিঃৰাজ্য ফেৰৎ লোকে প্রচণ্ড ভিৰ কৰাত আতংকিত হৈ পৰিছে ৷ প্রতিটো দিনেই বাছ–ড্রাকত বহিঃৰাজ্যৰ পৰা শ্রীৰামপুৰ গেটৰে বহু লোকৰ আগমন হৈছে৷