নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড়ত হাতী-মানুহৰ সংঘাতৰ শিহৰণকাৰী দৃশ্য

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ নুমলীগড়ত হাতী মানুহৰ সংঘাত এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে । বনাঞ্চল সংকূচিত হোৱাৰ বাবেই খাদ্যৰ সন্ধানত এতিয়া জনাঞ্চলত বিচৰণ কৰিছে জাক জাক হাতীয়ে ।

শিহৰণকাৰী দৃশ্য

ইপিনে দিনত চাহবাগিচাত বিচৰণ কৰি থকা হাতীৰ জাকটোৱে নিশা হ’লেই গাঁৱত চলায় সন্ত্ৰাস । যাৰ বাবে মঙলবাৰে বাগিচাৰ মাজৰ পৰা হাতীৰ জাকটোক খেদি পঠিয়াবলৈ একাংশ যুৱকে প্ৰয়াস কৰাৰ সময়তে হাতীৰ জাকটোৱে খেদি আহে । অৱশ্যে কথমপি প্ৰাণ ৰক্ষা কৰে যুৱকৰ দলটোৱে । যাৰ বাবে এতিয়া যিকোনো মুহূৰ্ততে ভয়াবহ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে গাঁওবাসীয়ে ।

আনহাতে এই সন্দৰ্ভত বনবিভাগক বাৰম্বাৰ খবৰ কৰাৰ পিছতো কোনো সুফল নোপোৱাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে ।

You might also like