নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“নেতৃত্বৰ বিৰুদ্ধে ক’বলগীয়া থাকিলে দলীয় মঞ্চত কওক”- ফণীভূষণ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ “কেব সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটল আছে অগপ । সংসদত কেব উত্থাপনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰে আলোচনাত মিলিত হ’ব । দলীয় নেতৃত্বৰ বিৰুদ্ধে মহন্তই ৰাজহুৱা ভাৱে মন্তব্য কৰাৰ পৰিৱৰ্তে এই বিষয়সমূহ দলীয় মঞ্চত আলোচনা কৰা উচিত ।”- সোমবাৰে এই মন্তব্য অগপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ।

কেব সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অগপৰে আলোচনাত মিলিত হোৱাৰ আশাত বন্দী হৈ আছে আঞ্চৱিক দলটোৰ নেতৃত্ব । এই কথা প্ৰকাশ পাইছে ফণীভূষণ চৌধুৰীৰ ভাষ্যতেই । ইপিনে কেব সন্দৰ্ভত প্ৰফুল্ল কুমাৰ মহন্তই কৰা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি তেওঁক পুনৰ সংবাদ মাধ্যমত এনে ধৰণৰ মন্তব্য নকৰিবলৈ মন্ত্ৰী ফণীভূষণে সকীয়নি প্ৰদান কৰে । আনহাতে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই মিত্ৰদল অগপই এইবাৰ ১০০ শতাংশ সমৰ্থন কৰিছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

You might also like