নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীসহ ৩কন্যাক নৃশংস হত্যা এজনৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ কলিয়াবৰৰ শিলঘাটত নৃশংস হত্যাকাণ্ড। জয়ন্ত কুমাৰ বৰ্মন নামৰ লোকজনে নিশা হত্যা কৰে পত্নীসহ তিনি কন্যাক।  নিহত পত্নী বজয়ন্তী বৰ্মন তিনি কন্যা ক্ৰমে নিকিতা বৰ্মন, ভাস্বতী বৰ্মন আৰু নিবেদিতা বৰ্মন। চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰাৰ অভিযোগ জয়ন্ত বৰ্মনৰ বিৰুদ্ধে। হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্ত জয়ন্ত বৰ্মনে।

জয়ন্ত বৰ্মন

             পুৱা বহু দেৰিলৈ শুই থকা দেখি কাষৰীয়া লোকে মাতিবলৈ যায় পৰিয়ালটোৰ সদস্যক কিন্তু একো সঁহাৰি নোপোৱাত দৰ্জা খুলিবলৈ লওঁতেই  প্ৰত্যক্ষ কৰে মৃতদেহ কেইটা। স্থানীয় লোকসকলে ততালিকে খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আৰ্থিক সমস্যা তথা বহু ধাৰত জুৰুলা আছিল অভিযুক্ত হত্যাকাৰী জয়ন্ত বৰ্মন।তাৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত কৰিব পাৰে বুলিও আৰক্ষীয়ে সূত্ৰই প্ৰকাশ কৰিছে।

You might also like