নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ নিৰ্মাণৰ তিনিবছৰ পিছতো অনুমোদন নহ’ল দলং – লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ জনসাধাৰণৰ

বালিদেউৰী -দেউৰী পাম গড়কাপ্টানী পথৰে যাতায়াত বন্ধ

নিয়মীয়া বাৰ্তা, ১২ জুনঃ উজনি মাজুলীৰ বালিদেউৰী -দেউৰী পাম গড়কাপ্টানী পথৰ নামনি বৰবিলত থকা ছিগা অংশৰ বাবে বিগত প্ৰায় দুমাহ ধৰি যাতায়াত-যোগাযোগ বন্ধ হৈ আছে। উল্লেখ্য যে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰনালয়ৰ বিত্তীয় অনুদানেৰে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগে ৫,৯৩,৫১,৩৯৯.০০টকা ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত নিৰ্মাণ কৰা ৬.৮৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ প্ৰায় তিনিবছৰ অতিক্ৰম কৰিছে৷ কিন্তু পথটোৰ নিৰ্মানকাৰ্য শেষ হোৱাৰ পাছতো ৰহস্যজনকভাৱে নামনি বৰবিল-পানীখাতী সংযোগী অংশত পকী দলঙৰ আৱণ্টন বিভাগে বৰ্তমানেও দিয়া নাই বুলি জানিব পৰা গৈছে। যাৰ বাবে উক্ত ছিগা অংশটোৰ বাবে বাৰিষা সময়চোৱাত উক্ত পথেৰে যাতায়াত বন্ধ হৈ পৰে৷ ইফালে ছিগা অংশটোত প্ৰথমাবস্থাত ঠিকাদাৰ পক্ষৰ ফালৰ পৰা দলং নিৰ্মাণ কৰি যাতায়াতৰ সুচল ব্যৱস্থা কৰি দিছিল যদিও যোৱা বৰ্ষতে দলংখনেৰে যাতায়াতৰ অনুপযোগী হৈ পৰে৷ ইফালে বৃহত্তৰ অঞ্চলটোৰ যাতায়াত – যোগাযোগৰ ক্ষেত্ৰত সঠিক মাত্ৰা দিবৰ বাবে জনপ্ৰতিনিধি, লোকনিৰ্মাণ বিভাগ কিম্বা মাজুলী জিলা প্ৰশাসনে কোনোধৰণৰ বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই৷ আনহে নালাগে যাতায়াত অব্যাহত ৰখাৰ বাবে বাঁহৰ দলং এখন দিয়াৰ ব্যৱস্থা কৰিবলৈযো যেন কাৰোৰে আহৰি নাই৷ নামনি বৰবিল চাৰি আলিৰ পৰা উক্ত পথেৰে মাজুলীৰ অন্যতম ঐতিহাসিক পানীখাতী থানলৈ যোৱাৰ মুখ্য পথ হোৱাৰ উপৰি অঞ্চলটোৰ ভালেকেইখন বিদ্যালয়লৈ উক্ত পথেৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰ লগতে স্থানীয় জনসাধাৰণ আহ-যাহ কৰে যদিও ছিগা অংশটোৰ বাবে এতিয়া যাতায়াতৰ ক্ষেত্ৰত একপ্ৰকাৰ জটিল সমস্যাই দেখা দিছে৷ এই সংক্ৰান্তত একাধিকবাৰ বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ হৈ আহিছে যদিও ছিগা অংশত মাজুলী লোকনিৰ্মাণ বিভাগে পকী দলঙৰ অনুমোদন দিয়া দূৰৰে কথা সদাব্যস্ত পথটোৰে যাতায়াত অব্যাহত ৰখাৰ বাবে কাঠ নাইবা বাঁহৰ দলং এখনো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ সক্ষম হোৱা নাই৷ অন্যহাতে প্ৰায় ছয় কোটি টকা ব্যয়েৰে পথটোৰ নিৰ্মাণৰ কাম সম্পুৰ্ণ হ’ল যদিও ছিগা অংশটোত দলং নিৰ্মাণৰ অনুমোদন নিদিয়াৰ বাবে পথ নিৰ্মাণ কৰা নকৰা কোনো গুৰুত্ব নোহোৱা হৈ পৰিছে বুলিও বিভিন্নজনে মন্তব্য কৰিছে৷ এই ক্ষেত্ৰত শীঘ্ৰে ছিগা অংশত পকী দলং নিৰ্মাণৰ অনুমোদন দিবলৈ মাজুলী লোকনিৰ্মাণ বিভাগক অঞ্চলবাসীয়ে দাবী জনাইছে৷

ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like