নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাৰ আন্তৰ্জাতিক কবি সন্মিলনত সন্মানিত নগাঁৱৰ হৰ্ষিতা হিয়া

নিয়মীয়া বাৰ্তা, ১২ জুন: কলকাতাৰ আন্তৰ্জাতিক কবি সন্মিলনে আগবঢ়োৱা জীৱনানন্দ দাস বঁটা এইবাৰ অসমৰ হৰ্ষিতা হিয়াই লাভ কৰিছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ এণ্টনিম আৰু কলকাতাৰ ভাষা সংসদে যুটীয়া ভাবে দেশৰ বিভিন্ন ভাষাৰ কবিতা ইংৰাজী আৰু বাংলা ভাষালৈ অনুবাদ কৰাৰ এক অভিলাসী প্ৰতিযোগিতা আয়োজন কৰিছিল। আঞ্চলিক ভাষাৰ উৎকৃষ্ট ৰচনাৰাজিৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমীয়া ভাষাৰ কবিতা ইংৰাজী ভাষালৈ কৰা অনুবাদৰ বাবে হৰ্ষিতা হিয়ালৈ এই সন্মান আগবঢ়োৱা হৈছে।

ইতিমধ্যে এণ্টনিমৰ ছপা সংস্কৰণতো হৰ্ষিতাৰ এই অনুবাদ প্ৰকাশ পাইছে। যোৱা ১১ জুনত কলকাতাৰ ইষ্টাৰ্ণ জনেল কালচাৰেল চেণ্টাৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত আয়োজক সমিতিয়ে এই বঁটা হৰ্ষিতা হিয়াক প্ৰদান কৰে। হৰ্ষিতা অনুদিত এই কবিতা অনুষ্ঠানত পাঠ কৰে বাংলা চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী অপৰ্ণা সেন আৰু তেওঁৰ স্বামী কল্যাণ সেনে। ইয়াৰ পিছতেই হৰ্ষিতাক জীৱনানন্দ দাস বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন মানপত্ৰ, এটা স্মাৰক, এখন চাদৰ আৰু নগদ ধন।

আয়োজক সমিতিয়ে এইবাৰ এই প্ৰতিযোগিতাৰ বাবে অসমৰ প্ৰথিতযশা কবি সমীৰ তাঁতীৰ ‘ ধোঁৱা, যাওঁগৈ বলা (২) , মোক হিয়া উজাৰি দিয়া, মোক সহজ কৰি দিয়া ‘ শীৰ্ষক পাঁচোটাকৈ কবিতা অনুবাদৰ বাবে আগবঢ়াইছিল।

উল্লেখযোগ্য যে, নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হৰ্ষিতা হিয়াই ইতিমধ্যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু” ইংৰাজী ভাষালৈ অনুবাদ কৰি উলিয়াইছিল। অসম সাহিত্য সভাৰ সভাপতি কূলধৰ শইকীয়াই গুৱাহাটীত এই গ্ৰন্থৰ ইংৰাজী অনুবাদ গ্ৰেণ্ড মাদাৰছ টেইলচ উন্মোচন কৰিছিল। অনুবাদ সাহিত্যৰ প্ৰতি বিশেষ অনুৰাগ থকা হৰ্ষিতাই অলপতে কলকাতাৰ বি বি ই প্ৰকাশন গোষ্ঠীয়ে বৃটিছ কাউন্সিলৰ সহযোগিতাত অনুষ্ঠিত সপ্তাহজোৰা এক কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। বৃটিছ কাউন্সিলৰ লুইচি হান্নান, দেশৰ অনুবাদ সাহিত্যৰ বৰেণ্য ব্যক্তি অৰুণাভ সিনহা, অসমৰ মিত্ৰা ফুকন আদিয়ে এই প্ৰশিক্ষণ প্ৰদান কৰিছিল।

তদুপৰি বলীউডৰ অভিনেত্ৰী টুইংকল খান্নাই তেওঁৰ টুইক ইণ্ডিয়াৰ জড়িয়তে ৰাষ্ট্ৰীয় স্তৰত আয়োজন কৰা ষ্টৰী টেলাৰ প্ৰতিযোগিতাত দেশৰ তিনি গৰাকী বিজয়ীৰ ভিতৰত অন্যতম আছিল হৰ্ষিতা। দেলহি পয়েট্ৰি চলাম, মিউজ ইণ্ডিয়া, দি লিটল জাৰ্নেল অৱ নৰ্থ ইষ্ট ইণ্ডিয়া আদি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশিত সংকলন, আলোচনী তথা ৱেব মেগাজিন আদিতো হৰ্ষিতা হিয়াৰ সৃষ্টিশীল লেখনিয়ে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। হৰ্ষিতা অসম চৰকাৰৰ জন সংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক তথা নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ নিবাসী গুৰমাইল সিং আৰু পুৰণিগুদাম বি কে বি কলেজৰ অধ্যাপিকা অনুৰূপা বৰাৰ একমাত্ৰ কন্যা।

You might also like