নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ সুৰক্ষাৰ বাবে ছিপাঝাৰত বাছৰ ড্ৰাইভাৰক গামোছা পিন্ধাই অনুৰোধ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১২নবেম্বৰ: পথ সুৰক্ষাৰ বাবে ছিপাঝাৰৰ খান্দাজানত আজি গ্ৰহণ কৰা হল এক  অভিনৱ পদক্ষেপ । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত ছিপাঝাৰৰ খান্দাজান আঞ্ছলিক  যুৱ মঞ্চ গ্ৰহণ কৰিলে এক ব্যতিক্ৰম পদক্ষেপ।উল্লেখযোগ্য যে খান্দাজান অঞ্চলৰ এগৰাকী সৰবৰহী যুৱক তথা খান্দাজান আঞ্চলিক যুৱ মঞ্চৰ প্ৰাক্তন সম্পাদক টিকেন বৰুৱাৰ ১৮অক্টোবৰত  ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দূৰ্ঘটনাত মৃত্যু হৈছিল । যুৱ ব্যৱসায়ী গৰাকীৰ মৃত্যু সমগ্ৰ অঞ্ছলটোৰ বাবে আছিল এক অপুৰণীয় ক্ষতি। এনে পৰিপ্ৰেক্ষিতত দুদিনীয়াকৈ আঞ্ছলিক যুৱ মঞ্চই দুদিনীয়াকৈ আয়োজন কৰে সমাজ কৰ্মী টিকেন বৰুৱাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই উপলক্ষত আজি প্ৰথম দিনাই অনুষ্ঠিত কৰা হৈছিল পথ সুৰক্ষাৰ এই বিশেষ সজাগতামূলক কাৰ্যসূচী। পুৱাৰ ভাগত যুৱ মঞ্চৰ সভাপতি সদানন্দ শ‌ইকীয়াই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথতে অনুষ্ঠিত হয় এই কাৰ্যসূচী। ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা যাত্ৰীবাহী বাহনৰ চালক সকলক নমাই আনি যুৱ মঞ্চৰ তৰফৰ  এখনকৈ গামোছা পিন্ধাই পথত গাড়ীৰ গতি হ্ৰাস কৰিবলৈ অনুৰোধ জনাই। ডিঙিত গামোছা পিন্ধাই চালকলৈ অনুৰোধ যুৱ মঞ্ছৰ- লাহে লাহে চলাওক আমাৰ জীৱন বচাওক”। আনকি  যান বাহনৰ সন্মুখ ভাগত পথ সজাগতাৰ শ্লোগান সম্বলিত পোষ্টৰ পৰ্যন্ত লগাই দিয়ে। ইফালে যুৱ মঞ্চৰ এই কাৰ্যসূচীত সহযোগ কৰিলে স্হানীয় আৰক্ষীয়েও। এনেধৰণৰ ব্যতিক্ৰম কাৰ্যসূচীৰ বাবে আৰক্ষীয়েও শলাগ ললে যুৱ মঞ্ছৰ। কাইলৈ দিনযোৰা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ উপৰিও সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশা নাগাৰা নাম অনুষ্ঠিত হব। উল্লেখযোগ্য যে খান্দাজানত বুলিয়েই নহয় বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ পৰ্যন্ত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা  যান বাহনৰ সংখ্যা মাত্ৰাধিক ভাবে বৃদ্ধি পোৱাৰ ফলতে পথছোৱা দুৰ্ঘটনা প্ৰবণ এলেকা হিচাপে ইতিমধ্যে ৰাইজৰ মাজতো চিহ্নিত হৈছে।এইক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে কি ভুমিকা লয় সেয়াহে লক্ষণীয় হৈ পৰিছে‌।
You might also like