নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজে বিচৰা বিদ্যালয়ত কন্যাক নামভৰ্তি নকৰাৰ বাবেই এটা পৰিয়ালক এঘৰীয়া 

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত দিখৌমুখৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া ৰূপহীমুখ অঞ্চলৰ ১ নং ৰূপহীমুখ মিছিং গাঁৱত এখন বিদ্যালয়ত ৰাইজে বিচৰা ধৰণে এগৰাকী কন্যাক নমভৰ্তি নকৰাৰ বাবেই এটা পৰিয়ালক এঘৰীয়া কৰাৰ দৰে এক চাঞ্চল্যকৰ আজৱ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে৷ প্ৰাপ্ত বাতৰি অনুসৰি গাওঁ খনৰ কনক টাহু নামৰ ব্যক্তিজনৰ পৰিয়ালে স্থানীয় ৰাইজে বিচৰাৰ দৰে নিজৰ কন্যা সন্তানক সন্তানটিয়ে পূৰ্বে অধ্যয়ন কৰি থকা বিদ্যালয় খনৰ পৰা নাম কৰ্তন কৰি নতুনকৈ ৮৮০ নং ৰূপহীমুখ মিৰি প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্ত্তি নকৰাৰ বাবেই গাওঁখনৰ ৰাইজে কনক টাহুৰ পৰিয়ালটোকে সম্পূৰ্ণ এঘৰীয়া কৰাৰ লগতে কোনো ৰাজহুৱা কৰ্মত পৰিয়ালটোক জড়িত হোৱাৰ সুযোগ প্ৰদান কৰাৰ পৰা দীৰ্ঘদিন ধৰি বিৰত ৰাখিছে স্থানীয় ৰাইজে৷ এইক্ষেত্ৰত যোৱা আগষ্ট মাহতে এঘৰীয়া হোৱা দুৰ্ভগীয়া কৃষিজীৱি পৰিয়ালটোৱে আনহে নালাগে পথাৰত কৃষিকৰ্ম কৰাটো ৰাইজৰ পৰা বাধা পোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে শেহতীয়াকৈ এনে পৰিস্থিতিত অতীস্থ হৈ ভুক্তভোগী পৰিয়ালটোৱে ৰাইজৰ বিৰুদ্ধেই সোচ্ছাৰ হৈ পৰা পৰিলক্ষিত হৈছে।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজৰ পৰা জানিব পৰা অনুসৰি অঞ্চলটোৰ ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত স্থানীয় ৰুপহীমুখ কুমাৰ প্ৰাথমিক বিদ্যালয়খনৰ একত্ৰীকৰণ সন্দৰ্ভত কিছু দিনৰ পৰা স্থানীয় ৰাইজৰ মাজত বিভিন্ন সভা-সমিতি চলি আহিছিল৷ অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ৰুপহীমুখ উচ্চ মাধ্যমিক বিদ্যালয়খনক ৰক্ষা কৰাৰ স্বাৰ্থতে ৰাইজে বিচৰা একত্ৰীকৰণ প্ৰক্ৰিয়ালৈ ৰূপহীমুখ কুমাৰ প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই সহযোগ নকৰাত বিদ্যালয়খনত অধ্যয়নৰত ১ নং ৰূপহীমুখ মিচিং গাঁৱৰ ছাত্ৰ-ছাত্ৰী সকলক ৰূপহীমুখ মিৰি প্ৰাথমিক বিদ্যালয়লৈ আনি নামভৰ্তি কৰোৱাৰ বাবে ১ নং ৰূপহীমুখ মিছিং গাঁৱৰ ৰাইজে ঐক্যমতত উপনীত হৈছিল। কিন্তু স্থানীয় গাঁৱৰ ৰাইজৰ এই মতৰ লগত কনক টাহুৰ পৰিয়ালে একমত নহৈ ৰাইজৰ মতৰ বিৰুদ্ধে যোৱাৰ বাবেই কনক টাহুৰ পৰিযালৰ লগত ৰাইজৰ সংঘাত সৃষ্টি হোৱাৰ বাবে এনে ঘটনাৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। সেয়ে হ’লেও ৰাইজে বিচৰা ধৰণে বিদ্যালয়ত কন্যাক নামভৰ্ত্তি নকৰাৰ বাবে অঞ্চলটোত এনে অবাঞ্চিত ঘটনা সংঘটিত হোৱাক লৈ স্থানীয় সচেতন মহলৰ লগতে সমগ্ৰ শিৱসাগৰৰ শৈক্ষিক সচেতন মহলেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এইক্ষেত্ৰত জিলাখনৰ সচেতন ৰাইজে অঞ্চলটোৰ অবাঞ্চিত ঘটনা ৰোধত জিলা প্ৰশাসনৰ তৎকালীন হস্তক্ষেপ কামনা কৰিছে৷

– প্ৰণৱ খাটনিয়াৰ, দিখৌমুখ৷

You might also like