নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ ৩ নৃত্যশিল্পীৰ শোকাৱহ মৃত্যু; নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বলেৰ’ৰ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনাই গোৱালপাৰা জিলাৰ ধূপধৰাত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । নৃত্য শিল্পীৰ দল কঢ়িওৱা এখন বলেৰ’ বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত পশ্চিমবংগৰ তিনিগৰাকী নৃত্য শিল্পীৰ কৰুণ মৃত্যু হোৱাৰ লগতে বাহনখনৰ চালকসহ আন পাঁচগৰাকী শিল্পীসহ আহত হয় ছয়গৰাকী ব্যক্তি৷ চালকৰ বাহিৰে হতাহত নৃত্য শিল্পীৰ দলটোৰ সকলোৰে ঘৰ পশ্চিমবংগত৷ এই ভয়াৱহ পথ দুর্ঘটনাটোত নিহত শিল্পীকেইজন পশ্চিমবংগৰ ৰঘুদেৱপুৰৰ মৌচুমী শ্যামন্ত, জয়নগৰৰ চফিউল ইছলাম গাজী আৰু ৰঘুদেৱপুৰৰ নাৰুগোপাল শ্যামন্ত ৷ আনহাতে, আহত শিল্পীসকল হৈছে ক্রমে পশ্চিমবংগৰ ৰাক্ষচমুলী গোবিন্দপুৰৰ সহদেৱ সিং ,দক্ষিণ ফাৰগানাৰ সুৰেন্দ্র মণ্ডল, ঘনশ্যাম নগৰৰ কৃষ্ণ মণ্ডল বাখৰাগুৰি চাৰিআলিৰ বর্ষা ৰায়, দুর্গানগৰৰ সুব্রত আলী মৌল্লা আৰু বলেৰ’খনৰ চালক ধুবুৰীৰ ফুলবাৰীৰ ইনামুল ইছলাম ৷

জানিব পৰা মতে, শনিবাৰে নিশা পশ্চিমবংগৰ এই নৃত্য শিল্পীৰ দলটো ধুবুৰীৰ ফুলবাৰীত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি কলকাতালৈ বিমানেৰে যোৱাৰ উদ্দেশ্য ফুলবাৰীৰ পৰা এ এছ–১৭ কে–১৯৭৭ নম্বৰৰ বলেৰ’খন ভাৰা কৰি পুৱতিনিশা গুৱাহাটীলৈ বুলি যাত্রা কৰে৷ কিন্তু বলেৰ’খন ধূপধৰা পোৱাৰ পাছত ধূপধৰা আৰক্ষী থানাৰ অন্তর্গত বাণিয়াপাৰাত দেওবাৰে পুৱা প্রায় সাত বজাত ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষতে নিয়ন্ত্রণ হেৰুৱাই বিপৰীত দিশে এডাল প্রকাণ্ড আমৰ গছত খুন্দা মাৰি লুটি খাই পৰে৷ প্রচণ্ড শব্দ শুনি স্থানীয় লোকেততাতৈয়াকৈ বাহনখনৰ ভিতৰত আবদ্ধ যাত্রীসকলক উদ্ধাৰ কৰি ধূপধৰা আৰক্ষীৰ সহযোগত আহতকেইজনক বকো আৰু ধূপধৰাস্থিত বিকালী আদর্শ চিকিৎসালয়লৈ প্রেৰণ কৰে৷ পাছত চিকিৎসাধীন অৱস্থাত বকোৰ চিকিৎসালয়ত নাৰুগোপাল শ্যামন্তৰ মৃত্যু হোৱাৰ বিপৰীতে ধূপধৰাত আদর্শ বিকালী চিকিৎসালয়ত চফিইউল ইছলাম গাজীৰো মৃত্যু হয়৷ আনহাতে, আহত আনকেইজনক ধূপধৰাত প্রাথমিক চিকিৎসা প্রদান কৰি উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰা হয় যদিও ইয়াৰে মৌচুমী শ্যামন্তৰ নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ সম্প্রতি মৃতদেহ তিনিটা গোৱালপাৰা আৰু গুৱাহাটীত ৰাখি মৃতকৰ পৰিয়ালৰ লোকক খবৰ দিয়া হৈছে৷

You might also like