নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচবছৰে সম্পূর্ণ নহ’ল ৰঙানদী মথাউৰি; নাওবৈচাত ঘৰৰ চালত ওলমিছে জি’মেট

পাঁচবছৰে সম্পূর্ণ নহ’ল ৰঙানদী মথাউৰিৰ ৩৬২ কোটি টকীয়া সবলীকৰণৰ কাম

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ৰঙানদীৰ ভয়ংকৰ ধ্বংসলীলাৰ পৰা নৈপৰীয়া জনসাধাৰণক নিৰাপত্তা দিয়াৰ লক্ষ্যৰে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিত্তীয় অনুদানেৰে ৰঙানদীৰ মথাউৰিৰ দুয়োপাৰৰ সবলীকৰণৰ কাম আৰম্ভ কৰা হৈছিল৷ কিন্তু যোৱা পাঁচ বছৰেও এই কাম সম্পূর্ণ নোহোৱাত সম্প্রতি নৈপৰীয়া ৰাইজে অনাগত দিনসমূহৰ কথা ভাবি শংকিত হৈ পৰিছে৷

ৰঙানদীপৰীয়া ৰাইজৰ দীর্ঘদিনীয়া ভয়াৱহ বান–খহনীয়াৰ সমস্যা সমাধানৰ নামত ল’ৰা–ধেমালি কৰি অহা জলসম্পদ বিভাগৰ বিষয়া–ভিযন্তাই অনা–সমীয়া ঠিকাদাৰ গোষ্ঠীৰে মিতিৰালি কৰি বিভাগটোত চলাই গৈছে ব্যাপক দুর্নীতি৷ কেন্দ্রীয় চৰকাৰৰ ৭০ শতাংশ আৰু অসম চৰকাৰৰ ৩০ শতাংশ পুঁজিৰে বান প্রবন্ধন আঁচনিৰ ৰঙানদীৰ বানপানী সমস্যা দূৰীকৰণৰ বাবে নদীখনৰ দুয়োপাৰৰ জিৰ’ পইণ্টৰ পৰা নামনিৰ শেষ অংশলৈকে মথাউৰি নির্মাণ সবলীকৰণ আৰু জি’মেট সংস্থাপনৰ কামত অনা–সমীয়া ঠিকাদাৰে কৰা ভয়ানক দুর্নীতিৰ লগতে পাঁচ বছৰেও মথাউৰিৰ কাম সম্পূর্ণ নকৰাৰ বাবেই নদীখনৰ সোঁ আৰু বাঁও পাৰৰ লক্ষাধিক লোকৰ জীৱনলৈ নামি আহিব ঘোৰ বিপর্যয়৷ নদীখনৰ সোঁ পাৰৰ মথাউৰি সবলীকৰণৰ কাম অতি লেহেমীয়া আৰু নিম্ন মানৰ হোৱাৰ লগতে নাওবৈচা আৰু তেলাহী মৌজাৰ জনসাধাৰণৰ বাবে অতি স্পর্শকাতৰ হৈ থকা মথাউৰিটোৰ ১২ হাজাৰ ৮০০ৰ পৰা ১৪ হাজাৰ ৬০০ কিলোমিটাৰ অংশত জি’মেট স্থাপনৰ নামত বহিৰাগত ঠিকাদাৰে ভযংকৰ দুর্নীতি কৰিছে৷

ঠিকাদাৰজনে জি’মেট সংস্থাপনৰ নামত জি’মেটত বালি ভৰোৱাৰ বিপৰীতে মাটি ভাৰোৱা, জি’মেটৰ তলত পলিথিন ব্যৱহাৰ নকৰি মাটিৰ ওপৰতে সংস্থাপন কৰা, নদীৰ তলত দুতৰপীয়া গ্রেভিয়ন দিয়া আদি কাম কৰিব লাগিছিল যদিও এনে নকৰাৰ অভিযোগ উঠিছে৷ নাওবৈচা–তেলাহী মৌজাৰ দুই লক্ষাধিক লোকৰ জীৱন–সম্পত্তিৰ বিষয় জড়িত হৈ থকা স্পর্শকাতৰ বিষয়টোক আওকাণ কৰি কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বৃহৎ পুঁজিৰ ওপৰত লোলুপ দৃষ্টি ৰখা এইসকল অনা–সমীয়া ঠিকাদাৰে নিজ খেয়াল–খুচি মতে মথাউৰি নির্মাণ কৰাৰ বাবেই এতিয়া আতংকত থাকিবলগীয়া হৈছে নৈপৰীয়া ৰাইজ৷ অতি গুৰুত্বপূর্ণ কথাটো হ’ল যে আবণ্টিত ৩৬২ কোটিৰ ভিতৰত ২৩৪ কোটি টকা মোকলাই দিয়াৰ পিছতো মথাউৰিৰ বহু স্থানত এতিয়াও জি’মেট সংস্থাপনেই কৰা নাই৷ যাৰ প্রমাণ হৈছে ৰঙানদীৰ মথাউৰি সোঁ পাৰৰ নৈপৰীয়া বহু অঞ্চলত মানুহৰ ঘৰৰ চোতালত অত্যাধুনিক প্রযুক্তিৰে নির্মিত জি’মেটসমূহ ৰ’দে–বৰষুণে পৰি আছে৷ বাঢ়নী পানীয়ে নির্মীয়মাণ মথাউৰিটো ক্ষতি নকৰিবলৈ মথাউৰিৰ দাঁতিত পৰাৰ বাবে অনা হৈছে এই ব্যয়বহুল মেটসমূহ৷ কিন্তু তাৰ পৰিৱর্তে এতিয়া ৰঙানদীৰ দাঁতি কাষৰীয়া মিচিং সম্প্রদায়ৰ লোকে এই জি’মেটসমূহ ঘৰৰ চালিৰ দৰে ব্যৱহাৰ কৰাহে দেখিবলৈ পোৱা গৈছে৷ আনহাতে, বিগত বর্ষত সংস্থাপন কৰা জি’মেট ফাটি যোৱাও পৰিলক্ষিত হৈছে৷

কেৱল কমিছনৰ অংকত ব্যস্ত থকা জলসম্পদ বিভাগে এইসকল অনা–সমীয়া ঠিকাদাৰক কাম সম্পূর্ণ কৰিবলৈ জাননী দি ভাগৰি পৰা বুলিও চর্চা চলিছে৷ ৰঙানদীৰ সংহাৰী বানত সর্বস্ব হেৰুওৱা নৈপৰীয়া ৰাইজৰ অভিযোগ– মথাউৰিৰ নৈখনৰ বালিৰ পৰিৱর্তে মাটিৰে নির্মাণ নকৰা, জি’মেট সংস্থাপন প্রাক্কলন মতে কাম নকৰা, কমিছনক বেছি গুৰুত্ব দিয়া বিভাগটোৰ বিষয়া–কর্মচাৰীয়ে কাম পৰিদর্শন নকৰা আৰু মথাউৰি নির্মাণত পূর্বৰে পৰা কৰি অহা ব্যাপক দুর্নীতিৰ বাবেই এইবাৰো আকৌ ভয়াৱহ জলপ্রলয়ৰ সন্মুখীন হ’ব লাগিব৷ নদীপৰীয়া লক্ষাধিক কৃষিজীৱী লোকৰ জীৱনক লৈ প্রতিবছৰে হেতালি খেলি থকা জলসম্পদ বিভাগ তথা অনা–সমীয়া ঠিকাদাৰ গোষ্ঠীটোৰ ওপৰত উচিত তদন্ত কৰি দৃষ্টামূলক শাস্তি দিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে৷

You might also like