পিতৃক উদ্ধাৰ কৰিবলৈ গৈ পুত্ৰৰ সলিলসমাধি
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ মানসিক বিকাৰগ্ৰস্হ পিতৃক উদ্ধাৰ কৰিবলৈ গৈ সলিল সমাধি ঘটিল ১৮ বছৰীয়া পুত্ৰৰ । এই ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে । দুলীয়াজান টিপলিং নদীত সলিল সমাধি ঘটা যুৱক গণেশ ছ’ৱাশ্বীৰ মৃতদেহ এতিয়ালৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই । প্ৰাপ্ত তথ্য অনুসৰি ভাদৈ আৰক্ষী চকী এলেকাধীন ১ নং কঠালগুৰী বাগিছাৰ ঘোৰাবস্তীৰ কৃষ্ণ ছ’ৱাশ্বী নামৰ মানসিক ভাৰসাম্যহীন লোকগৰাকীয়ে আজি পুৱাভাগত ঘৰৰ পিছফালৰ নাতিদূৰৈত থকা টিপলিং নদীৰ কাষলৈ যায় । এনেতে পুত্ৰ গণেশ ছ’ৱাশ্বীয়ে পিতৃক ঘৰলৈ উভতাই আনিবলৈ যাওঁতে পিতৃয়ে নদীৰ মাজভাগত ডুব দিয়ে । পিতৃক উদ্ধাৰ কৰিবলৈ নদীত জাপ দিওঁতেই এই শোকাৱহ ঘটনাটোৰ সংঘটিত হয় । এই ঘটনাটোত সৌভাগ্যক্ৰমে লোকজন ৰক্ষা পৰে যদিও নদীৰ কোবাল সোঁতে পুত্ৰক উটুৱাই লৈ যায় । পাছত ভাদৈ আৰু দুলীয়াজান আৰক্ষীৰ উপস্থিতিত ডিব্ৰুগড় ডুবাৰু দলে যুৱকজনৰ সন্ধানত বিয়লি পৰ্যন্ত অভিযান চলাই । অৱশ্যে সন্ধিয়ালৈকে যুৱকজনৰ কোনো শুংসূত্ৰ পোৱা নগ’ল।