পূজা কৰাত বাধাঃ ৰহাত বন্ধ কোঠাত পত্নীক ডিঙি চেপি হত্যা
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তর্গত জৰাবাৰীত মঙলবাৰে সংঘটিত হয় নৃশংস কাণ্ড ৷ জৰাবাৰী হীৰা চুকৰ হৰিকান্ত হীৰা নামৰ লোকজনে নিজ পত্নী জুৰি হীৰাক ঘৰৰ ভিতৰতে ডিঙি চেপি হত্যা কৰে ৷
এক বিশেষ সূত্র অনুসৰি পঞ্চায়তৰ ‘একাউণ্ট এছিছষ্টেণ্ট’ হৰিকান্ত হীৰাই কিছুদিনৰ পৰা ঘৰ ভিতৰতে ভগৱানৰ বিভিন্ন ফটো গোটাই বিভিন্ন পূজা–র্চনা কৰিবলৈ লয় ৷ হঠাৎ স্বামীৰ এনে পৰিৱর্তন দেখি পত্নী জুৰিয়ে এনেধৰণৰ পূজা বেছিকৈ কৰিবলৈ মানা কৰিছিল ৷ কিন্তু স্বামী হৰিকান্তই পত্নীৰ বাধাক আওকাণ কৰি দৈনিক পূজা অব্যাহত ৰাখিছিল ৷
কিন্তু এই ঘটনাই অন্য ৰূপ লয় মঙলবাৰে । স্বামী হৰিকান্তই পত্নী জুৰিক অকস্মাতে হাতত ধৰি এটা কোঠাৰ ভিতৰলৈ টানি নি দুৱাৰ বন্ধ কৰি ডিঙি চেপি হত্যা কৰে ৷