নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথক বড়ো ৰাজ্যৰ নামত নাটক এবছুৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ‘কৃষিৰ ওপৰত চৰকাৰে বহুত গুৰুত্ব দিছে৷ কৃষিৰ ওপৰত বহুতো কৰণীয় কাম আছে যদিও বিটিচি প্রশাসনে নিজাববীয়াকৈ কাম কৰিব নোৱাৰে৷ সকলো কেন্দ্রীয় আঁচনি অসম চৰকাৰৰ মাধ্যমেৰে লাভ কৰাত যথেষ্ট অসুবিধা হয়৷ কৃষিৰ ক্ষেত্রত বহুতো কেন্দ্রীয় আঁচনি আছে৷ কেন্দ্রীয় চৰকাৰৰ সৈতে এন ডি এফ বিৰ শীঘ্রে নতুন চুক্তি সম্পাদন হ’ব৷ এই চুক্তিৰ জৰিয়তে কেন্দ্রীয় চৰকাৰৰ পৰা পোনপটীয়াকৈ অনুদান লাভ কৰিব পৰা যাব৷ তেতিয়া কেন্দ্রীয় আঁচনিৰে সকলো কাম কৰিব পৰা যাব৷ ইতিমধ্যে এন ডি এফ বিৰ ধীৰেন বডোৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰৰ লগত চুক্তি হোৱাৰ ক্ষেত্রত অগ্রসৰ হৈছে৷’ –এই মন্তব্য বিটিচিৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ৷

শনিবাৰে বৰমাত প্রথম বড়োলেণ্ড কৃষক সমাৰোহত অংশ লৈ তেওঁ এনেদৰে কয়৷ ভাষণ প্রসংগত তেওঁ পৃথক বড়ো ৰাজ্যৰ নামত এবছুৱে নাটক কৰা বুলি মন্তব্য কৰে৷ তেওঁ কয়– এবছুৱে দিল্লীত গৈ বড়োলেণ্ড নালাগে বুলি আলোচনা কৰাৰ বিপৰীতে বিটিএডিত পৃথক বড়োলেণ্ডৰ নামত আন্দোলন কৰি দুমুখীয়া স্থিতি গ্রহণ কৰিছে৷ যদি এবছুৱে বডোলেণ্ডৰ দাবী পৰিহাৰ কৰে, তেন্তে এবছুৰ লগতো আলোচনামর্মে চুক্তি স্বাক্ষৰিত হ’ব৷ মহিলাৰীয়ে কয় যে বর্তমান সময়ত পৃথক বডোলেণ্ড পোৱাটো সম্ভৱ নহয়৷ সেয়েহে এবছুৱে পৃথক বডোলেণ্ডৰ দাবী পৰিহাৰ কৰিব লাগে৷

এবছুৱে দিল্লীত বডোলেণ্ড নালাগে বুলি কোৱাৰ লগতে অসমতো বডোলেণ্ড নালাগে বুলি ক’ব লাগে৷ তেওঁলোকে দিল্লীত বডোলেণ্ড নালাগে বুলি কৈ অসমত আহি ‘ন’ বডোলেণ্ড ন’ ৰেষ্ট’ বুলি ক’লে নহ’ব৷ এন ডি এফ বিৰ লগত চুক্তি কৰিলে এবছু নাপাট্টা হৈ যাব বুলি কটাক্ষ কৰি তেওঁ কয়– এতিয়া উপায়হীন হৈ এবছুৱেও চুক্তি কৰিব লাগিব৷ মই চৰকাৰৰ মানুহ, গতিকে সকলো কথা মই জানো৷ আজিৰ দিনত বডোলেণ্ড সম্ভৱ নহয়৷ তেলেংগানা, ঝাৰখণ্ড ৰাজ্য কেনেকৈ হ’ল সেইটো মই জানো৷ গতিকে বডোলেণ্ড নহয়৷ এবছুৱেহে নাজানে৷ তামুলপুৰ, গোসাঁইগাঁও জিলা হ’লে সকলোৱে সুবিধা পাব৷ ইয়াত বডো বা অইন সম্প্রদায় বুলি কোনো কথা নাই৷ এইবাৰৰ চুক্তিত কার্বি আংলঙত থকা বডোসকলে জনজাতিৰ মর্যাদা পোৱাৰ উপৰি বিটিচিৰ বাহিৰত থকা বডোসকলৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ বাবে প্রচেষ্টা লোৱা হ’ব৷ এই সমাৰোহতে বিটিচিৰ চাৰিখন জিলাৰ কৃষকক পুৰস্কাৰ প্রদান কৰা হয়৷

সেইমতে প্রথম ৰঞ্জন বসুমতাৰী (চিৰাং), দ্বিতীয় প্রণয় নার্জাৰী (কোকৰাঝাৰ), তৃতীয় অঞ্জালু বডো (বাগ্সা), চতুর্থ উমা বডো (ওদালগুৰি)ক পুৰস্কৃত কৰা হয়৷ লগতে প্রদীপ বিশ্বাস, সুৰেশ নার্জাৰী, সবান বডোচা আৰু ৰঞ্জন ব্রহ্মক এককালীন সাহায্য দিয়াৰ লগতে মানস ডেইৰী কো–পাৰেটিভ ছ’চাইটী, সজীৱনী ফাউণ্ডেচনক পুৰস্কৃত কৰা হয়৷ এই সমাৰোহত বিটিচিৰ কার্যবাহী সদস্যসকল ক্রমে অনচুমৈ খুংগুৰ বডো, বিজিত গৌৰা নার্জাৰী, মৃত্যুঞ্জয় ব্রহ্ম, বিধায়ক মনেশ্বৰ ব্রহ্মৰ উপৰি বহু লোক উপস্থিত থাকে৷

You might also like