নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিটো জনগোষ্ঠীৰ সংস্কৃতিৰ বিকাশত দিয়া হ’ব গুৰুত্বঃ প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ বিটিআৰত থকা প্রতিটো জাতি–জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতিৰ বিকাশত গুৰুত্ব প্রদান কৰা হ’ব৷ গাঁৱে–ভূঞে থকা জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহক উলিয়াই আনিবলৈ বিটিচি প্রশাসনে কার্যপন্থা গ্রহণ কৰিব৷ বিটিআৰ চুক্তিৰ বর্ষপূর্তি উপলক্ষে কালি মুছলপুৰত অনুষ্ঠিত এক সাংস্কৃতিক কার্যসূচীত অংশ লৈ এই মন্তব্য কৰে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে৷

তেওঁ কয় যে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে দিয়া প্রতিশ্রুতি অনুসৰি বিটিআৰ চুক্তি ৰূপায়ণ হ’ব৷ উল্লেখ্য যে বিটিআৰ শান্তি চুক্তিৰ প্রথম বর্ষপূর্তি উপলক্ষে আজি বাক্সা জিলাৰ মুছলপুৰত জিলা প্রশাসনৰ উদ্যোগত এক সাংস্কৃতিক কার্যসূচী ৰূপায়ণ কৰা হয়৷ মুছলপুৰৰ দুর্গা মন্দিৰত অনুষ্ঠিত সাংস্কৃতিক সমাৰোহত বিহু, বাগৰুম্বা, চান্থালী নৃত্য, গোর্খা, ৰাভা, হাজং জনগোষ্ঠীৰ নৃত্য–গীত পৰিৱেশন কৰা হয়৷ ইয়াৰ পিছতে সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়৷

আনহাতে, বিভিন্ন জাতি–জনগোষ্ঠীৰ কলাকৃষ্টি দলৰ অংশগ্রহণেৰে বিটিআৰ সদৰ কোকৰাঝাৰত  এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়৷ কালিৰে পৰা সাংস্কৃতিক শোভাযাত্রাত বডো, ৰাভা, কোচ ৰাজবংশী, নেপালী, অসমীয়া, বাঙালী, নাথ যোগী, মাৰোৱাৰীকে ধৰি ১৫টাৰো অধিক কলাকৃষ্টি দলৰ লগতে বিভিন্ন স্কুলৰ ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰে৷ কোকৰাঝাৰ জিলা ক্রীডা সন্থাৰ খেলপথাৰৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্রাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিআৰৰ কার্যবাহী সদস্য উকিল মুছাহাৰীয়ে৷

You might also like