নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতিক সমৃদ্ধিশালী কৰাৰ চেষ্টা জ’ বাইডেনৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ বৃহৎ অর্থনৈতিক সংকটৰ পৰা আমেৰিকান নাগৰিকসকলক সকাহ দিবলৈ ৰাষ্ট্রপতি জ’ বাইডেনে ঘোষণা কৰা ১.৯ লাখ কোটি ডলাৰৰ ক’ৰোনা সাহায্য পেকেজত যাতে ডেম’ক্রেটিক আৰু ৰিপাব্লিকান ছিনেটৰসকলে অনুমোদন জনায় সেই বিষয়টোক লৈ ৰাষ্ট্রীয় অর্থনৈতিক পৰিষদৰ সঞ্চালক ব্রিয়ান ডীজে ৰণকৌশল প্রস্তুত কৰিছে৷ ইতিমধ্যে ছিনেটৰসকলৰ ওপৰত এই বিষয়টোক লৈ চাপ আৰম্ভ কৰিছে সঞ্চালকগৰাকীয়ে৷

স্মর্তব্য যে ক’ভিড–১৯ মহামাৰীত আমেৰিকাত প্রাণ হেৰুৱাইছে ৪ লাখ ১৭ হাজাৰতকৈও অধিক লোকে৷ কেইবা নিযুতো লোক দেশখনত কর্মহীন হৈ পৰিছে৷ স্মর্তব্য যে প্রতিদিনে আমেৰিকাত ক’ভিড মহামাৰীত আক্রান্ত হৈ আছে এক লাখ ৭৫ হাজাৰতকৈ অধিক লোক৷ মাত্র ৫ দিন পূর্বে আনুষ্ঠানিকভাৱে দেশখনৰ ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰা জ’ বাইডেনৰ বাবে এই ক’ভিড সংকট তীব্র প্রত্যাহ্বান হিচাপে দেখা দিছে৷ তাৎক্ষণিকভাৱে এই সংকটৰ পৰা পৰিত্রাণ পাবলৈ বাইডেন প্রশাসনে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে৷

বিশেষকৈ ক’ভিড সংকটৰ সময়ত দেশখনত যি অর্থনৈতিক বিপর্যয় সৃষ্টি হৈছে, তাৰ পৰা পৰিত্রাণ পোৱাৰ ক্ষেত্রত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ বাইডেন প্রশাসনে আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰাৰ পূর্বেই যুগুতাই উলিয়াইছিল ১.৯ লাখ কোটি ডলাৰৰ ক’ৰোনা সাহায্য পেকেজ৷ এই পেকেজত ছিনেটৰসকলে অনুমোদন জনালে এয়া আইনত পৰিণত হ’ব৷ অর্থাৎ ক’ভিড সংকটৰ সময়ত জর্জৰিত অর্থনীতিক পুনৰ প্রাণ দিয়াৰ ক্ষেত্রত বাইডেনৰ নীতিয়ে কার্যকৰী ৰূপ লাভ কৰিব৷ গতিকে ক্ষমতাত আৰোহণ কৰিয়েই ক’ৰোনা সাহায্য পুঁজিৰ বিষয়টো বাইডেন প্রশাসনৰ বাবে প্রথম প্রত্যাহ্বান হিচাপে দেখা দিছে৷

You might also like