নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী–গৃহমন্ত্রী ভ্রমণৰ সময়ত আছুৰ প্রতিবাদী কার্যসূচী

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণৰ সময়ছোৱাত এলানি প্রতিবাদী কার্যসূচী ঘোষণা কৰিছে সদৌ অসম ছাত্র সন্থাই৷ এই কার্যসূচী অনুসৰি ‘কা’ বাতিল, ইআইএ প্রত্যাহাৰ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ আৰু বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত অহা ২২ জানুৱাৰীত জিলাই জিলাই প্রতিবাদী জোঁৰ সমদল উলিওৱা হ’ব৷ ২৩ জানুৱাৰীত প্রতিখন জিলাৰ ৰাজহুৱা স্থানত মুখত ক’লা কাপোৰ বান্ধি বিক্ষোভ প্রদর্শন আৰু ২৪ জানুৱাৰীত ‘কা’ৰ প্রতিলিপি দাহ কৰাৰ লগতে সমগ্র অসমৰ অঞ্চলে অঞ্চলে ক’লা পতাকা উত্তোলনেৰে ক’লা দিৱস পালন কৰি প্রতিবাদ সাব্যস্ত কৰা হ’ব৷

এক বিবৃতিত সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে অসমৰ স্বার্থ ভূলুণ্ঠিত কৰি, অসম চুক্তিক নস্যাৎ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰখনে ‘কা’ জাপি দি অসমীয়াৰ স্বার্থ বিঘ্ণিত কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনৰ ১৬ মে’ৰ পাছত বাংলাদেশীয়ে টালি–টোপোলা বান্ধি যাব লাগিব বুলি অসমীয়া মানুহৰ আৱেগক লৈ ব্লেকমেইলিং কৰি ভোট আদায়ৰ কৌশল কৰিছিল৷ পুনৰ এনে ভুৱা প্রতিশ্রুতিৰ বন্যা জাতিয়ে বিশ্বাস নকৰে৷ এনে ভুৱা আৰু মিছা প্রতিশ্রুতিৰে অসমৰ মানুহৰ আৱেগক লৈ হেতালি খেলি অসমীয়া খিলঞ্জীয়া জনসাধাৰণক পুনৰ যাতে প্রতাৰিত কৰিব নোৱাৰে তাৰ বাবে অসমৰ সকলো শ্রেণীৰ জনসাধাৰণক ছাত্র সন্থাই আহ্বান জনাইছে৷

বিবৃতিটোত লগতে কোৱা হয় যে অসম চুক্তি অনুসৰি অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাটোৰ সমাধান কৰিবই লাগিব৷ ই কেন্দ্রীয় চৰকাৰে অসমৰ জনসাধাৰণক দিয়া প্রতিশ্রুতি৷ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মার্চৰ পাছত অহা প্রতিজন অবৈধ বিদেশী অসম এৰি যাবই লাগিব৷ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে ২০১৯ চনত অসম চুক্তি নস্যাৎ কৰি অসমৰ জনসাধাৰণৰ ওপৰত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ জাপি দিয়ে৷ এই আইন অসমৰ স্বার্থৰ পৰিপন্থী৷ এই আইনে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ সংখ্যালঘুত পৰিণত কৰিব৷ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চকাৰখনেও কেন্দ্রীয় চৰকাৰৰ সুৰতে সুৰ মিলাই জাতিটোক বিশ্বাসঘাতকতা কৰিছে৷ জাতি–মাটি–ভেটি ৰক্ষা কৰিম বুলি অসমীয়া জাতিৰ আৱেগৰে খেলি শাসনলৈ আহি দিল্লীৰ শ্রুতলিপি মতে জাতিৰ স্বার্থক জলাঞ্জলি দিলে৷

অসম চুক্তি ৬নং দফাৰ প্রতিবেদন দাখিল কৰাৰ ১০ মাহ পাৰ হৈ যোৱাৰ পাছতো কেন্দ্রীয় গৃহমন্ত্রীৰ ৰঙা চকুৰ ভয়ত প্রতিবেদনখনকে কেন্দ্রীয় গৃহ বিভাগত জমা দিব নোৱাৰিলে৷ বৰঞ্চ গৃহমন্ত্রী অমিত শ্বাহৰ শেহতীয়া অসম ভ্রমণৰ সময়ত মুখ্যমন্ত্রী আৰু মন্ত্রীবর্গক কাষত বহুৱাই লৈ জাতীয় আন্দোলনৰ শ্বহীদসকলক তুচ্চ–তাচ্ছিল্য কৰিলে৷ ই আই এ সন্দর্ভত সংগঠনটোৰ নেতৃত্বই কয় যে অসমৰ প্রাকৃতিক সম্পদ লুণ্ঠনৰ ষড়যন্ত্র কৰি অসমৰ জনসাধাৰণৰ প্রতিবাদ সত্ত্বেও ই আই এ জাপি দি সম্পদ লুণ্ঠনৰ বাট মুকলি কৰিব বিচাৰিছে৷ গণতান্ত্রিক প্রমূল্যৰ প্রতি ভাবুকিস্বৰূপ এই চৰকাৰে ভাৰতবর্ষত কোনো আন্দোলনকে মর্যাদা দিয়া নাই৷ বৰঞ্চ অসমৰ শ্বহীদসকলকো গৃহমন্ত্রীগৰাকীয়ে চূড়ান্ত উপলুঙা কৰিছে৷ ছাত্র সন্থাৰ দৃঢ় মত– শ্বহীদসকলৰ ত্যাগক অথলে যাবলৈ দিয়া নহ’ব৷ চৰকাৰে শ্বহীদৰ ত্যাগক মর্যাদা দিবই লাগিব৷ জাতীয় আন্দোলনৰ গুলীবিদ্ধ, হাজাৰ হাজাৰ নির্যাতিত ব্যক্তি, ধর্ষিতাসকলৰ ত্যাগ জাতিয়ে কেতিয়াও নাপাহৰে৷

You might also like