পৰীক্ষাত অকৃতকার্য ছাত্রই জ্বলাই দিলে বিদ্যালয়
নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহ অব্যাহত আছে দুৰ্বৃত্তৰ দুষ্কাৰ্য । শুকুৰবাৰে চন্দ্ৰপুৰৰ পানীখাইতীস্থিত শ্বহীদ কুশল কোঁৱৰ উচ্চ ইংৰাজী বিদ্যালয়ত দুৰ্বৃত্তই বিদ্যালয়খনৰ তলা ভাঙি জ্বলাই দিয়ে বহু মূল্যৱান নথিপত্র৷
ঘটনাৰ বিৱৰণী মতে, শুকুৰবাৰে নিশা দুর্বৃত্তৰ দল এটাই বিদ্যালয়খনৰ কার্যালয়ৰ ভিতৰত প্রৱেশ কৰি বিদ্যালয়খনৰ গুৰুত্বপূর্ণ নথিপত্রসমূহ জ্বলাই নষ্ট কৰে৷ এই জুই ইমানেই ভয়াৱহ আছিল যে বিদ্যালয়খনৰ দর্জা–খিৰিকীও জ্বলি নষ্ট হয়৷ প্রতিদিনৰ দৰে শনিবাৰেও পুৱা শিক্ষক তথা কর্মচাৰীসকলে বিদ্যালয়ত আহি এই ভয়াৱহ দৃশ্য প্রত্যক্ষ কৰি হতচকিত হৈ পৰে৷ লগে লগে শিক্ষক তথা কর্মচাৰীসকলে পানীখাইতী আৰক্ষী চকীত খবৰ দিয়ে৷
খবৰ পোৱা মাত্রকে পানীখাইতী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্রাথমিক তদন্ত চলাই এজন কিশোৰ ছাত্রক আটক কৰে৷ আটক কৰা কিশোৰ ছাত্রজনৰ পৰা আৰক্ষীয়ে শিক্ষানুষ্ঠানৰ বহু তলাৰ চাবি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ পাছত বিদ্যালয়খনৰ প্রধান শিক্ষক ভবেশ ডাউকাই জানিবলৈ দিয়াম মতে বছৰেকীয়া পৰীক্ষাত কৃতকার্যতা লাভ কৰিব নোৱাৰা একাংশ ছাত্রই এই কার্য সংঘটিত কৰিছে৷
তেওঁ উল্লেখ কৰা মতে, পূর্বতেও যোৱা বছৰৰ ৩০ ডিচেম্বৰ আৰু চলিত বছৰৰ ৬ জানুৱাৰীত অনুৰূপ ঘটনা সংঘটিত হৈছিল৷ উল্লেখ্য যে ষষ্ঠ শ্রেণীৰ ছাত্রজন পৰীক্ষাত অকৃতকার্য হোৱা বাবেই এই কাণ্ড সংঘটিত কৰে বুলি প্রধান শিক্ষকে জনায়৷ ইয়াৰ পূর্বে চুৰি কাণ্ড সংঘটিত কৰাৰ অভিযোগ থকা কিশোৰ ছাত্রজন এবাৰ জে’ল–হাজোতলৈ যাব লগা হৈছিল৷ মূল্যৱান নথিপত্রবোৰ জ্বলাই দিয়াৰ ফলত বিদ্যালয়খনৰ পুৰণি বর্ষৰ ফলাফলৰ লগতে নতুন বর্ষৰ নামভর্তিৰ ক্ষেত্রত বহু সমস্যাই দেখা দিব বুলি প্রধান শিক্ষক ভবেশ ডাউকাই উল্লেখ কৰে৷
উল্লেখ্য যে প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে কিশোৰ ছাত্রজনক আটক কৰাৰ লগতে এই ঘটনাত আৰু বহু জড়িত থকাৰ কথা উল্লেখ কৰিছে পানীখাইতী আৰক্ষীয়ে৷