নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰগঞ্জত আৰক্ষীৰ জুৱা বিৰোধী অভিযান; জুৱাৰ সামগ্ৰীসহ ৫ জুৱাৰীক আটক

নিয়মীয়া বাৰ্তা, ২৮অক্টোবৰঃ  ধুবুৰীৰ  ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মাটিফাটা অঞ্চলত যোৱানিশা আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে এক অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই জুৱা বিৰোধী অভিযানত জুৱাখেলৰ বিভিন্ন সামগ্ৰীসহ পাঁচজনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা ফকিৰগঞ্জ আৰক্ষীয়ে এক বিশেষ খবৰৰ অনুসন্ধানৰ ভিত্তিত মাটিফাটা অঞ্চলত গৈ অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে হাতে – লোটে পাঁচজনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। দীপাৱলীৰ গইনা লৈ জুৱাৰী কেইজনে অঞলটোত অবাধ জুৱাখেল পাতি বহুলোকক সৰ্বসান্ত কৰি আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত জুৱাৰী কেইজন হৈছে আটাইকেইজনে মাটিফাটা অঞ্চলৰ  ৰেজাউল আলী(৩০),আসান আলী(৩৬),আব্দুল গফুৰ শ্বেখ(৩৭),নছেৰ আলী(২৪)আৰু ৰাইজ উদ্দিন শ্বেখ(৩১) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ফকিৰগঞ্জ আৰক্ষী থানাত আসাম গেম এণ্ড বেটিং এক্টৰ অধীনত এটি গোচৰ ৰুজু কৰি আজি জুৱাৰীকেইজনক ধুবুৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে আটাইকেইজনকে ১৪ দিনৰ বাবে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে।
You might also like